নলবাৰীঃ তেওক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিব৷ জন্মৰ পৰাই এটাই সপোন তেওক পঢ়োৱাৰ৷ আন দহগৰাকী ছাত্ৰৰ দৰে তেও স্কুললৈ প্ৰেৰণ কৰি শিক্ষিত কৰাই তেওলোকৰ সপোন৷ তেওলোকে যি ভুল কৰিলে কৰিলে কিন্তু সন্তানৰ ক্ষেত্ৰত সেই ভুল নকৰে৷ এসাজ খাই এসাজ নোখোৱৈকৈ থাকি হলেও টকা ৰাহি কৰি সন্তানক পঢ়াব৷ সন্তানক ডাঙৰ মানুহ কৰাৰ নানান পৰিকল্পনা৷
দৰিদ্ৰতাক ওচৰৰ পৰা দেখি থকা বাবেই প্ৰতিদিনে তেওলোকে দৰিদ্ৰতাৰ সৈতে যুদ্ধ কৰিব লগা হৈছে৷ দৰিদ্ৰ হলেও সুখ-শান্তিৰে পৰিয়াল পোহপাল দি আহিছে অৰুণ বৰ্মনে৷ কিন্তু পৰিয়ালটোৰ ওপৰত কাৰোবাৰ যেন নজৰ হে লাগিল৷ যিগৰাকী সন্তানৰক ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল তেও আজি সন্তানটোৰ বাবে চকুলো টুকি পাৰ কৰিব লগা হৈছে দিন৷ কিয়নো তেওলোকৰ কণমানি পুত্ৰ আক্ৰান্ত হৈছে বৃক্কৰ ৰোগত৷ নলবাৰী জিলাৰ কৈঠালকুছিৰ সনোৰাৰ অৰুণ বৰ্মন আৰু গৌতমী বৰ্মনৰ পুত্ৰ দ্বীপজ্যোতিক বৰ্মন বৰ্তমান বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুজ দিব লগা হৈছে৷