ধিংঃ দিন হাজিৰা কৰি পৰিয়াল চলাইছিল দিলীপ দাসে৷ মাটি-বাৰি, ধন-সম্পত্তী নাথাকিলেও দিন হাজিৰা কৰি পোৱা টকা কেইটাৰে সুখে-দুখে পৰিয়ালটো চলাই আহিছিল দিলীপ দাসে৷ পত্নী, তিনি এমা-ডিমা সন্তানৰ বাবে যঠেষ্ট কষ্টও কৰিছিল দিলীপে৷ পৰিয়ালটোত যেন কাৰোবাৰ চকু হে পৰিল৷
প্ৰায় এবছৰ পুৰ্বে অচিন ৰোগত আক্ৰান্ত হৈ দিলীপৰ পত্নীৰ মৃত্যু হয়৷ পত্নীৰ মৃত্যুৰ পিছত দিলীপে মাতৃহাৰা সন্তান কেইটাক লালন পালন কৰি আহিছে৷ সন্তান কেইটাৰ স্বাৰ্থত পুনৰ বিবাহ নকৰাই সন্তান কেইটাৰ পঢ়া শুনাত গুৰুত্ব দিয়ে দিলীপে৷ কিন্তু বিধিৰ কি বিপাক পত্নীৰ মৃত্যুৰ পাছত এইবাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যুৰ ক্ষণ গনিছে দিলীপে৷ চিকিৎসালয়ৰ বিছনাৰ সন্মুখত পিতৃৰ মুখলৈ চাই কান্দিছে তিনি সন্তানে৷ চিকিৎসালয়ত তিনি মাতৃহাৰা সন্তানৰ কান্দোনে কন্দুৱাইছে বহুলোকক৷