লংকাঃ মাতৃৰ হাতত ধৰি খোজকাঢ়িব শিকিছিল তেওঁ৷ মাতৃৰ হাতত ধৰি এদিন তেওঁ স্কুললৈ গৈছিল৷ পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিল তেওঁ৷ পঢ়াৰ বাহিৰে আন কথা নাভাবি ডাঙৰ মানুহ হ’ব বিছাৰিছিল তেও৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান তেও৷
প্ৰতিদিনে মাতৃৰ চকুলো দেখি ডাঙৰ হৈছে তেও৷ শৈশৱ কালতে পিতৃয়ে ভৰণ পোষণ দিয়াৰ দায়িত্ব নলৈ পৰিয়ালটোক এৰি থাকিবলৈ লোৱাত ডাঙৰ মানুহ হোৱাৰ সপোন ভাঙি চূৰমাৰ হৈছিল তেওৰ৷ প্ৰায় জনা হোৱাৰ পৰাই পঢ়া-শুনি এৰি মাতৃৰ দায়িত্ব লৈ দিন হাজিৰা কৰি খেতি কৰি আইতাক আৰু মাতৃ সহ পৰিয়াল চলাব লগা হয়৷ দিনহাজিৰা কৰি খেতি কৰি পৰিয়াল পোহপাল দিয়া বিপুলৰ এতিয়া ২৮ বছৰ বয়স৷