ডিব্ৰুগড়ঃ দেশত স্বাস্থ্যব্যৱস্থাৰ বিভিন্ন আঁছনি আছে যদিও আজিকোপতি বহুতো আঁচনিয়ে হিতাধিকাৰীক ঢুকি পাব পৰা নাই। শেহতীয়াকৈ ৰাজ্যৰ তিনিচুকীয়া জিলাৰ এগৰাকী যুৱতীয়ে ৰোগত আক্ৰান্ত হৈ হাহাকাৰ কৰিব লগা হৈছে যদিও যুৱতীগৰাকীক সহায় কৰোতা কোনো নাই৷ যুৱতীগৰাকী হৈছে জিলাখনৰ শদিয়াৰ চেপাখোৱা সাতমাইলৰ দোকানী গাঁৱৰ ৩২ বছৰীয়া মনোমতী মেচ। যুৱতীগৰাকীয়ে যোৱা ৯ বছৰ ধৰি একালেছিয়া নামৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে৷ মনোমতী মেচক উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় ৩ লাখ টকাৰ।
দুৰ্ভগীয়া মাতৃ বিদ্যাৱতী মেচে জানিবলৈ দিয়া মতে, ২০০৮ চনৰ পৰা প্ৰায় দুই বছৰ ধৰি বিভিন্ন বেজ-বেজালীৰ দ্বাৰা চিকিৎসা কৰোৱা হৈছিল যদিও চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱাতহে ৰোগৰ সবিশেষ ধৰা পৰে। শেহতীয়াকৈ ডিব্ৰুগড় আদিত্য হস্পিতালত চেন্নাইৰ এপল হস্পিতালৰ জেনেৰেল চাৰ্জাৰী ডাঃ এম মুৰলিধৰণৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি আছে। ইতিমধ্যে ডাঃ এম মুৰলিধৰনে যুৱতীগৰাকীক অস্ত্ৰোপচাৰৰ বাবে চেন্নাইৰ এপল হস্পিতাললৈ নিয়াৰ বাবে পৰামৰ্শ দিয়াৰ লগতে অস্ত্ৰোপচাৰৰ বাবে তিনি লাখ টকাৰ প্ৰয়োজন বুলি কয়।