লাহোৱালঃ বৰ্তমান অসমত ‘টেট’ মাথোঁ এটা শব্দ নহয়। ‘টেট’ অসমৰ প্ৰতিভাৱান যুৱ প্ৰজন্মৰ আৱেগ, ‘টেট’ এক বৌদ্ধিক আন্দোলন। প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে সামৰি লোৱা পৱিত্ৰ টেট শিক্ষাবৃত্তি সম্প্ৰতি অসমৰ ৰূপান্তৰৰ যাত্ৰাৰ অন্যতম প্ৰতিভূ। গ্ৰন্থৰ মাজত মানুহৰ সভ্যতা-সংস্কৃতি সংৰক্ষিত হৈ থাকে।
অসমৰ ৰূপান্তৰৰ যাত্ৰাৰ নতুন সেনানী টেট শিক্ষকসকলৰ এটি সৃষ্টিকৰ্মক এডাল সূতাৰে বান্ধি ৰখাৰ মানসেৰে ‘টেট শিক্ষকৰ কবিতা’ শীৰ্ষক এখনি কবিতাৰ সংকলন প্ৰকাশৰ দিহা কৰা হৈছে। অহা নৱেম্বৰ ২০১৭ত গুৱাহাটী গ্ৰন্থমেলাত প্ৰকাশ পাবলগীয়া গ্ৰন্থখনিৰ বাবে অহা ১০ অক্টোৱৰৰ ভিতৰত পোৱাকৈ আগ্ৰহী টেট শিক্ষক কবিৰ পৰা তলৰ ঠিকনাত কবিতা আহ্বান কৰা হৈছে।