'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েতো প্ৰায়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে 'পৰীক্ষা পে চৰ্চা’ কৰে, কিন্তু NEET UG ক লৈ চৰ্চা কৰিব কেতিয়া? - এই প্ৰশ্ন এতিয়া তৃতীয়বাৰৰ বাবে ৰাজগাদীত বহা নৰেন্দ্ৰ মোদীৰ সন্মুখত উত্থাপন কৰিছে বিৰোধীয়ে। সদ্য ঘোষিত NEET UG পৰীক্ষাক লৈ বিতৰ্ক শেষ নৌহওঁতেই এইবাৰ যোৱা বুধবাৰে অনুষ্ঠিত হোৱা UGC-NET পৰীক্ষাও বাতিল কৰিলে শিক্ষা মন্ত্ৰালয়ে।

বুধবাৰে অনুষ্ঠিত হোৱা UGC-NET পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ ইংগিত প্ৰদান কৰি এক বিবৃতিযোগে পৰীক্ষা বাতিল কৰাৰ ঘোষণা কৰে শিক্ষা মন্ত্ৰণালয়ে। আৰু ইয়াৰ পিচতে এতিয়া দেশজুৰি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থী।এই পৰীক্ষা বাতিল হোৱাৰ পিছত দিল্লী, লক্ষ্ণৌকে ধৰি বহু ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীয়ে। ছাত্ৰ-ছাত্ৰীৰ উপৰিও যুৱ কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ কৰ্মীসকলেও শিক্ষামন্ত্ৰীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰি পদত্যাগ দাবী কৰে।

ইয়াৰ পূৰ্বে শিক্ষা মন্ত্ৰণালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (এনটিএ) ২০২৪ চনৰ ১৮ জুনত সমগ্ৰ দেশতে দুটা শ্বিফটত কলম আৰু কাগজ মোডত UGC-NET জুন ২০২৪ পৰীক্ষা অনুষ্ঠিত কৰিছিল। বিবৃতিটোত কোৱা হৈছে যে পৰীক্ষাৰ ঠিক পিছদিনা বিশ্ববিদ্যালয় অনুদান আয়োগে গৃহ মন্ত্ৰণালয়ৰ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ পৰা পৰীক্ষা সন্দৰ্ভত কিছু তথ্য লাভ কৰিছিল, যাৰ বিশ্লেষণৰ পৰা প্ৰাৰম্ভিক পৰ্যায়ত পৰীক্ষাত অনিয়ম হোৱাৰ কথা প্ৰকাশ পাইছে। মন্ত্ৰণালয়ে পৰীক্ষা বাতিল কৰি তদন্ত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক অৰ্পণ কৰিছে। উল্লেখ্য যে, মন্ত্ৰণালয়ে এই পৰীক্ষা বাতিল কৰাৰ পিছত এতিয়া প্ৰায় ৯ লাখ শিক্ষাৰ্থীয়ে পুনৰ এই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

ইফালে পূৰ্বে NEET পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি অস্বীকাৰ কৰা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বৃহস্পতিবাৰে সন্ধিয়া সংবাদমেল আহ্বান কৰি ‘স্বচ্ছতাৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব’ বুলি আশ্বাস প্ৰদান কৰে। তেওঁ কয়, "NEET পৰীক্ষাৰ সন্দৰ্ভত পাটনাৰ পৰা কিছু তথ্য আহিছে। বিহাৰ চৰকাৰৰ সৈতে আমি অহৰহ যোগাযোগত আছো। পাটনা আৰক্ষীয়ে এই ঘটনাৰ গভীৰতালৈ গৈ আছে। ইয়াৰ বিশদ প্ৰতিবেদন অতি শীঘ্ৰে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব।"

অনিয়মৰ বিৰুদ্ধে বাৰণসীৰ হিন্দু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

তেওঁ কয় যে প্ৰাথমিক তথ্য অনুসৰি কিছুমান ভুল নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ হৈ থাকে। তেওঁ কয়, "এবাৰ সুনিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত অপৰাধীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এন টি এ হওক বা যিকোনো ডাঙৰ ব্যক্তি হওক, যিয়েই দোষী সাব্যস্ত হ'ব তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"

শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, "চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিবলৈ ওলাইছে। এই কমিটীয়ে এনটিএৰ গাঁথনি, ইয়াৰ কাম-কাজ, পৰীক্ষা প্ৰক্ৰিয়া, স্বচ্ছতা ইত্যাদি সন্দৰ্ভত পৰামৰ্শ দিব। এই স্পৰ্শকাতৰ বিষয়টোক লৈ কোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ হ'ব নালাগে।"

NEET-ত কেনেকৈ হৈছে অনিয়ম?

এইবাৰ ৫ মে’ত অনুষ্ঠিত হ’ল NEET পৰীক্ষা। সমগ্ৰ দেশৰ ২৪ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ NEET পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পঞ্জীয়ন কৰিছিল আৰু ইয়াৰে ২৩.৩৩ লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষাৰ ফলাফল ১৪ জুনত ঘোষণা কৰিব লাগিছিল যদিও সমগ্ৰ দেশ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ ব্যস্ত থকাৰ সময়তে সংগোপনে ৪ জুনত ঘোষণা কৰা হয় NEET পৰীক্ষাৰো ফলাফল।

শিক্ষা বিশেষজ্ঞসকলে এই পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ প্ৰথম ইংগিত নিৰ্ধাৰিত সময়ৰ ১০ দিন পূৰ্বে ফলাফল ঘোষণা বুলি মন্তব্য কৰে। ইয়াৰ উপৰিও কোচিং ইনষ্টিটিউট আৰু ছাত্ৰ-ছাত্ৰীসকলেও NEET পৰীক্ষাক লৈ বহু গুৰুতৰ উদ্বেগ ব্যক্ত কৰে। পৰীক্ষাৰ ফলাফল অনুসৰি এইবাৰ ৬৭ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত এশ শতাংশ নম্বৰ অৰ্থাৎ ৭২০ নম্বৰৰ পৰীক্ষাত ৭২০ নম্বৰেই লাভ কৰাৰ বিপৰীতে আন বহু শিক্ষাৰ্থীয়ে ৭১৮, ৭১৯ নম্বৰ লাভ কৰে।  

মন কৰিবলগীয়া যে, ২০২৩ চনত মাত্ৰ দুজন শিক্ষাৰ্থীয়েহে এই পৰীক্ষাত ১০০ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে ২০২২ চনত কোনো শিক্ষাৰ্থীয়েই সম্পূৰ্ণ নম্বৰ লাভ কৰা নাছিল। সেই বছৰতো NEET ৰ মুঠ নম্বৰ ৭২০ আৰু পৰীক্ষাত শীৰ্ষস্থান দখল কৰা শিক্ষাৰ্থীয়ে সৰ্বাধিক ৭১৫ নম্বৰ লাভ কৰে। এনে পৰিপ্ৰেক্ষিতত এইবাৰ ৬৭ গৰাকীকৈ পৰীক্ষাৰ্থীয়ে একেলগে শীৰ্ষস্থান লাভ কৰাক লৈও সন্দেহ ঘণীভূত হয় শিক্ষাৰ্থী আৰু বিশেষজ্ঞসকলৰ মনত।

উল্লেখ্য যে, এইবাৰৰ NEET পৰীক্ষাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো হ'ল ৬৭ গৰাকী শীৰ্ষস্থান প্ৰাপ্ত শিক্ষাৰ্থীৰ ভিতৰত ৬ গৰাকী পৰীক্ষাৰ্থীৰেই পৰীক্ষা কেন্দ্ৰটো আছিল হাৰিয়ানাৰ ঝজ্জাৰ জিলাত। বিশেষজ্ঞসকলে ইয়াকে লৈ সন্দেহ ব্যক্ত কৰি কয় যে ইয়াৰ সম্ভাৱনা সাধাৰণতে অতি কম।

পৰীক্ষাৰ প্ৰক্ৰিয়া আৰু ফলাফলক লৈ সন্দেহৰ সৃষ্টি কৰা লোকসকলে তৃতীয় কথাটো আঙুলিয়াই দিছে যে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৭২০ নম্বৰৰ পৰীক্ষাত ৭১৮ আৰু ৭১৯ নম্বৰ লাভ কৰিছে, যিটো পৰীক্ষাৰ আঁচনিৰ ফালৰ পৰা গাণিতিকভাৱে সম্ভৱ নহয়।কাৰণ এই পৰীক্ষাত যিকোনো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবে চাৰিটা নম্বৰ নিৰ্ধাৰণ কৰা হৈছিল আৰু ভুল উত্তৰৰ ক্ষেত্ৰত এটা নম্বৰ কৰ্তনৰ ব্যৱস্থা কৰা হৈছিল। গতিকে যদি কোনো ছাত্ৰই সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দি এটা উত্তৰ ভুল পায়, তেন্তে নম্বৰ দিয়াৰ নিয়ম অনুসৰি তেওঁ ৭১৫ নম্বৰ লাভ কৰিব।

ইফালে NEET পৰীক্ষাত দেখা দিয়ে এনে বহু বিসংগতিৰ মাজতে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগো চৰ্চালৈ আহে। এই সন্দৰ্ভত বিহাৰত এফ আই আৰ ৰুজু কৰাৰ লগতে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ অভিযোগত বিভিন্ন ৰাজ্যৰ পৰা ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। এই গোচৰৰ তদন্তৰ বাবে বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰিছে।

৬০ কোটিত বিক্ৰী NEET ৰ প্ৰশ্নকাকত

বিহাৰত ইতিমধ্যে NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল অভিযোগত ৪জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে অনুৰাগ যাদৱ, নীতিশ কুমাৰ, অমিত আনন্দ আৰু দনাপুৰ পৌৰসভাৰ কনিষ্ঠ অভিযন্তা চিকন্দৰ যাদবেন্দু। জানিব পৰা মতে, প্ৰশ্নকাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অনুৰাগ যাদৱ হৈছে আন এগৰাকী ধৃত চিকন্দৰ যাদবেন্দুৰ ভতিজা। পিটিআইৰ তথ্য অনুসৰি ২২ বছৰীয়া অনুৰাগে তদন্তকাৰী বিষয়াসকলৰ সন্মুখত স্বীকাৰ কৰি কয় যে তেওঁ পৰীক্ষাৰ এদিন পূৰ্বেই প্ৰশ্নকাকত লাভ কৰিছিল। তেওঁ কৈ যে, পৰীক্ষাৰ পূৰ্বে তেওঁক প্ৰশ্নকাকতখনৰ উত্তৰ মুখস্থ কৰিবলৈ কোৱা হৈছিল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি অনুৰাগ যাদৱে কয় যে পিছদিনা পৰীক্ষাতো একেবোৰ প্ৰশ্ন সোধা হৈছিল। আৰজেডিয়ে শ্বেয়াৰ কৰা অনুৰাগ যাদৱৰ স্বীকাৰোক্তি অনুসৰি অনুৰাগক প্ৰশ্নকাকতখনত সোধা প্ৰশ্নৰ উত্তৰ মুখস্থ কৰিবলৈ কোৱা হৈছিল। ইফালে বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই জানিবলৈ দিয়া মতে, ইতিমধ্যে তেওঁলোকে প্ৰশ্নকাকত ফাদিলৰ পৰ্যাপ্ত প্ৰমাণ লাভ কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, NEET পৰীক্ষাৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা প্ৰভাৱশালী ব্যক্তিয়ে ৬০ কোটি টকাত এই প্ৰশ্নকাকত ক্ৰয় কৰিছিল। তাৰ পিছতে এই গেংটোৱে এই প্ৰশ্নকাকত বিহাৰৰ শিক্ষাৰ্থীক হাজাৰ হাজাৰ টকাত বিক্ৰী কৰে। অন্যহাতে এই প্ৰশ্নকাকত ফাদিল ৰেকেটত বিহাৰৰ বিৰোধী দল আৰ জে ডি আৰু তেজস্বী যাদৱ জড়িত থকাৰ অভিযোগ তুলিছে শাসকীয় বিজেপি আৰু জে ডি ইউৱে। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই দাবী কৰিছে যে আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ কাগজ ফাদিল নেক্সছৰ অংশ।

বিজয় সিনহাই বৃহস্পতিবাৰে দাবী কৰে যে NEET প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা চিকন্দৰ যাদবেন্দু তেজস্বী যাদৱৰ ব্যক্তিগত সচিব প্ৰীতম কুমাৰৰ ঘনিষ্ঠ আত্মীয়। সংবাদমেলত তেওঁ কয়, ‘চিকন্দৰ যাদবেন্দু তেজস্বী যাদৱৰ পি এছ প্ৰীতম কুমাৰৰ ঘনিষ্ঠ আত্মীয়। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অতিথিশালাত চিকন্দৰৰ ভগ্নী ৰীনা যাদৱ আৰু পুত্ৰ অনুৰাগ যাদৱৰ থকাৰ বাবে যোৱা ৪ মে’ত বুকিং কৰা হৈছিল। এনএইচএআইৰ অতিথিশালাৰ ডায়েৰীত এটা ফোন নম্বৰ আৰু ‘মন্ত্ৰী জী’ৰ কথা উল্লেখ আছিল। তদন্তকাৰী সংস্থাটোৱে এই মন্ত্ৰীজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰিছে।”

গড়কাপ্তানী বিভাগৰো দায়িত্বত থকা সিনহাই লগতে কয়, "মই মোৰ বিভাগৰ পৰা তদন্ত কৰি তেজস্বী যাদৱৰ নিৰ্দেশত কোনজন বিষয়া বা কৰ্মচাৰীয়ে কাম কৰি আছে সেইটো জানিবলৈ দিছো। আৰজেডিৰ সমগ্ৰ ব্যৱস্থাটো অপৰাধ আৰু দুৰ্নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।" অৱশ্যে বুধবাৰে উপ-মুখ্যমন্ত্ৰীজনৰ মিথ্যাচাৰ প্ৰকট কৰি এন এইচ এ আইয়ে তেওঁলোকৰ অফিচিয়েল এক্স একাউণ্টযোগে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ কোনো অতিথিশালা নাই।

বিহাৰৰ বিৰোধী দলো NEET পৰীক্ষাৰ বিষয়ত সৰৱ হৈ পৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এই কথিত প্ৰশ্নকাকত ফাদিলৰ ‘মাষ্টাৰমাইণ্ড’ বুলি অভিহিত কৰিছে আৰজেডিয়ে। ৰাজ্যৰ বিৰোধী দলটোৱে লিখিছে, ''NEETৰ মাষ্টাৰমাইণ্ড নীতিশ কুমাৰ আৰু অমিত আনন্দে স্বীকাৰ কৰিছে যে তেওঁলোকে পিতৃ-মাতৃ আৰু দালালৰ জৰিয়তে NEET পৰীক্ষাৰ প্ৰশ্নকাকত এদিন আগতেই পৰীক্ষাৰ্থীসকলৰ বাবে উপলব্ধ কৰিছিল। বিহাৰ আৰক্ষীৰ সন্মুখত পৰীক্ষাৰ্থীসকলে এই কথা স্বীকাৰ কৰাৰ পিছতো এন টি এয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাটো চিন্তনীয়। বিজেপি শাসিত হাৰিয়ানাতো ৬ জন প্ৰাৰ্থীয়ে পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে, ইয়াৰ পিছতো মোদী জীয়ে ৩০ লক্ষ্য ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিবলৈ এৰা নাই।’’

UGC-NET কি?

সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহত জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ (জে আৰ এফ) আৰু সহকাৰী অধ্যাপক পদৰ বাবে প্ৰতি বছৰে এই পৰীক্ষাত অৱতীৰ্ণ হয় লাখ লাখ শিক্ষাৰ্থী। জুন আৰু ডিচেম্বৰ মাহত বছৰত দুবাৰকৈ এই পৰীক্ষা অনুষ্ঠিত হয়। যোৱা ১৮ জুনত দেশজুৰি অনুষ্ঠিত হোৱা ২০২৪ৰ জুন মাহৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৯ লাখ ৮ হাজাৰ ৫৮০ গৰাকী শিক্ষাৰ্থীয়ে। পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ দুটা শ্বিফটত অনুষ্ঠিত হৈছিল এই পৰীক্ষা।

মন কৰিবলগীয়া যে, তিনি ঘণ্টীয়া এই পৰীক্ষাত শিক্ষাৰ্থীসকলে দুখন পেপাৰ দিব লাগে। প্ৰথমখন প্ৰশ্নকাকত সকলোৰে বাবে একে হোৱাৰ বিপৰীতে দ্বিতীয়খন প্ৰশ্নকাকত শিক্ষাৰ্থীগৰাকীয়ে বাছনি কৰা বিষয়ৰ ওপৰত ভিত্তি কৰি হয়। প্ৰথম প্ৰশ্ন কাকতত শিক্ষাৰ্থীৰ বাবে ৫০টা প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নকাকতত ১০০টা প্ৰশ্ন থাকে। এই প্ৰশ্নবোৰ বহু পছন্দৰ হয়, যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে অ’এম আৰ শ্বীট পূৰণ কৰিব লাগে। এই পৰীক্ষাত প্ৰশ্ন ভুল হ’লে নম্বৰ কৰ্তন কৰা নহয়।

ইউজিচিৰ তথ্য অনুসৰি ২০২৪ চনৰ জুন মাহৰ NET পৰীক্ষাৰ বাবে ৩১৭ খন চহৰত ১২০৫ টা কেন্দ্ৰ স্থাপন কৰা হৈছিল।এই পৰীক্ষাত মুঠ ১১ লাখ ২১ হাজাৰ ২২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছিল যদিও পৰীক্ষাত অৱতীৰ্ণ হৈছিল মাত্ৰ ৮১ শতাংশ শিক্ষাৰ্থীয়ে। অন্যহাতে ২০২৩ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা NET পৰীক্ষাত মুঠ ৯ লাখ ৪৫ হাজাৰ ৮৭২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছিল।

ৰাজস্থানৰ বাসিন্দা গৰ্বিত গাৰ্গে ২০২০ চনৰ ডিচেম্বৰ মাহত গণসংযোগ বিষয় লৈ UGC-NET পৰীক্ষা অৱতীৰ্ণ হৈছিল। এই পৰীক্ষাত তেওঁ জে আৰ এফৰ যোগ্যতা অৰ্জন কৰে। তেওঁ কয়, ‘বৰ্তমান পি এইচ ডি গৱেষণা কৰাৰ বাবে প্ৰতিমাহে ইউ জি চিৰ পৰা ৩৭ হাজাৰ টকা পাওঁ। ইয়াৰ উপৰিও প্ৰায় ৯ হাজাৰ ঘৰ ভাড়াও পোৱা যায়।”

এন টি এক লৈ উত্থাপিত প্ৰশ্ন

উল্লেখ্য যে, NEET UG পৰীক্ষাৰ দৰে UGC-NET পৰীক্ষাও ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ)ৰ উদ্যোগত অনুষ্ঠিত হয়।২০১৮ চনৰ পৰাই এন টি এয়ে ইউ জি চিৰ হৈ এই পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। পূৰ্বে এই পৰীক্ষা কম্পিউটাৰ ভিত্তিক আছিল যদিও এইবাৰ সংস্থাটোৱে সিদ্ধান্ত লৈছিল যে ছাত্ৰ-ছাত্ৰীসকলে কলম আৰু কাগজৰ সহায়ত একেলগে বিভিন্ন কেন্দ্ৰত এই পৰীক্ষাত অৱতীৰ্ণ হ’ব।

ইতিমধ্যে NEET পৰীক্ষাক বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে এন টি এ। এন টি এয়ে দেশত চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও যোৱা ৪ জুনত ফলাফল ঘোষণা হোৱাৰ পিছতে তীব্ৰ বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হয়। এই পৰীক্ষাত প্ৰায় ২৪ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। আৰু ইয়াৰে ৬৭ গৰাকী শিক্ষাৰ্থীক পৰীক্ষাৰ মুঠ নম্বৰ ৭২০ৰ ভিতৰত ৭২০ নম্বৰেই প্ৰদান কৰিছিল এন টি এয়ে। ইয়াৰ বিপৰীতে আন বহু শিক্ষাৰ্থীয়েও পৰীক্ষাত ৭১৮ বা ৭১৯ নম্বৰ লাভ কৰে।

পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে শিক্ষাৰ্থীক প্ৰদান কৰা নম্বৰক লৈ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় এন টি এ। অনেকে এই দাবীও উত্থাপন কৰে যে এনে এক কঠিন পৰীক্ষাত একেলগে ইমানগৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষস্থান লাভ কৰাটো সম্ভৱ নহয়, তদুপৰি পৰীক্ষাত ৭১৮ আৰু ৭১৯ নম্বৰ লাভ কৰাটোও অসম্ভৱ বুলি দাবী কৰে বহুতে।

এই বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে এন টি এয়ে যুক্তি দি কয় যে উত্তৰৰ পৰিৱৰ্তনৰ বাবে ১৫৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীক গ্ৰেচ নম্বৰ দিয়া হৈছে। কিন্তু অতি সোনকালেই বিষয়টো উচ্চতম ন্যায়ালয়ত উপস্থিত হয়, য’ত এন টি এয়ে ছাত্ৰ-ছাত্ৰীক দিয়া গ্ৰেচ মাৰ্ক বাতিল কৰা বুলি কয়।

এন টি এয়ে জনোৱা মতে, এতিয়া ২০২৪ চনৰ ২৩ জুনত এইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ পৰীক্ষা সম্পন্ন কৰা হ’ব।সংস্থাটোৰ মতে, যিসকল শিক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নিবিচাৰে, তেওঁলোকৰ প্ৰকৃত নম্বৰ (ক্ষতিপূৰণৰ নম্বৰ নোহোৱাকৈ)ৰ ওপৰত ভিত্তি কৰি ফলাফল প্ৰদান কৰা হ’ব।

বাৰে বাৰে পৰীক্ষাৰ বিসংগতিক লৈ প্ৰশ্ন বিৰোধীৰ

প্ৰথমে NEET UG, আৰু তাৰ পিছতে UGC-NET পৰীক্ষাক লৈ পোহৰলৈ অহা বিসংগতিক লৈ এতিয়া এন টি এ, শিক্ষা মন্ত্ৰণালয় আৰু মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছকে ধৰি বিৰোধী আৰু দেশৰ লাখ লাখ শিক্ষাৰ্থী। কংগ্ৰেছ দল আৰু সাংসদ ৰাহুল গান্ধীয়ে বুধবাৰে প্ৰশ্নকাকত ফাদিলক লৈ নৰেন্দ্ৰ মোদী চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি শুকুৰবাৰৰ দিনটোত দেশব্যাপী প্ৰতিবাদৰ আহ্বান জনোৱাৰ পিছতে আজি লক্ষ্ণৌ, দিল্লী, ঝাৰখণ্ড, হাৰিয়ানা, অসমকে ধৰি দেশৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদৰ লহৰ তোলে কংগ্ৰেছ কৰ্মীসকলে। 

ইফালে বাৰে বাৰে সংঘটিত এই পৰীক্ষা বিসংগতিক লৈ নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, "নৰেন্দ্ৰ মোডী জী, আপুনি পৰীক্ষা পে চৰ্চা বহুত কৰে, কিন্তু NEET পৰীক্ষাৰ বিষয়ে কেতিয়া চৰ্চা কৰিব।" কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে পুনৰ কয়, "UGC-NET পৰীক্ষা বাতিল কৰাটো লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ মনোভাৱৰ জয়। ই মোডী চৰকাৰৰ অহংকাৰৰ পৰাজয়, যাৰ বাবে তেওঁলোকে আমাৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যত ভৰিৰে মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল।"

খাৰ্গেয়ে কয়, "কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে প্ৰথমে কয় যে NEET UG ত কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাছিল। বিহাৰ, গুজৰাট আৰু হাৰিয়ানাত যেতিয়া শিক্ষা মাফিয়াক গ্ৰেপ্তাৰ কৰা হয় তেতিয়া শিক্ষামন্ত্ৰীয়ে বিশ্বাস কৰে যে কিছু প্ৰৱঞ্চনা হৈছে।" NEET পৰীক্ষা কেতিয়া বাতিল হ’ব বুলি প্ৰশ্ন কৰে কংগ্ৰেছ প্ৰধানগৰাকীয়ে। তেওঁ কয়, "মোডী জী, NEET পৰীক্ষাতো আপোনাৰ চৰকাৰৰ ৰিগিং আৰু প্ৰশ্নকাকত ফাদিল বন্ধ কৰাৰ দায়িত্ব লওক।"

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এক্স (টুইটাৰ)ত লিখিছে, ‘বিজেপি চৰকাৰৰ আমোলাতন্ত্ৰ আৰু দুৰ্নীতি যুৱক-যুৱতীসকলৰ বাবে মাৰাত্মক। NEET পৰীক্ষাত কেলেংকাৰিৰ খবৰ পোৱাৰ পিছত এতিয়া ১৮ জুনত অনুষ্ঠিত হোৱা NET পৰীক্ষাও অনিয়মৰ আশংকাত বাতিল কৰা হ’ল। এতিয়া জবাবদিহিতা ঠিক হ’বনে? এই অকাৰ্যকৰী ব্যৱস্থাৰ দায়িত্ব শিক্ষামন্ত্ৰীয়ে ল’বনে?”

সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱে লিখিছে, ''এইবাৰ প্ৰশ্নকাকত ফাদিল চৰকাৰ। এতিয়া এই চৰকাৰ মাত্ৰ কেইদিনমানৰ বাবেহে অতিথি।” ইফালে আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙে লিখিছে, ‘২ বছৰত ‘প্ৰশ্নকাকত ফাদিল’ৰ বাবে ২ কোটি যুৱক-যুৱতীৰ জীৱন ধ্বংস হৈছে। কেতিয়াবা উত্তৰ প্ৰদেশ আৰক্ষী নিযুক্তি, কেতিয়াবা NEET, এতিয়া UGC! বিজেপিয়ে দেশখনক 'পেপাৰ লিক' দেশ কৰি তুলিছে। আপোনাৰ কি খং নুঠে? আপুনি বাৰে বাৰে মোডী জীক ভোট দিয়ে, মোডী জীয়ে আপোনাক ‘পেপাৰ লিক’ৰে আঘাত দিয়ে।”

'পৰীক্ষাৰ পিছত পৰীক্ষা দি থকাটোৱেই আমাৰ কাম নেকি?’

ক্ৰমাগতভাৱে দুটাকৈ পৰীক্ষাত সংঘটিত অনিয়মক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে দেশৰ লাখ লাখ শিক্ষাৰ্থী। বাৰে বাৰে পৰীক্ষা দিয়ে, বাৰে বাৰে পৰীক্ষা বাতিল হয়! এনে পৰিস্থিতিত ভৱিষ্যতক লৈ তীব্ৰ উদ্বিগ্নতাৰ সন্মুখীন হোৱা লক্ষ লক্ষ শিক্ষাৰ্থী ন্যায়ৰ আশাৰে ওলাই অহা পৰিলক্ষিত হৈছে ৰাজপথলৈ। সমান্তৰালভাৱে NEET আৰু NET পৰীক্ষা অনুষ্ঠিত কৰা কেন্দ্ৰীয় সংস্থা এন টি এ বাতিল কৰাৰো দাবী উত্থাপন হৈছে।

এইবাৰ ইউজিচি নেট পৰীক্ষাত অৱতীৰ্ণ হোৱা অখিলেশ যাদৱে কয়, "মোৰ সম্পূৰ্ণ বিশ্বাস আছিল যে এইবাৰ মোৰ নেট ক্লিয়াৰ হ’ব। ইয়াৰ বাবে মই কঠোৰ পৰিশ্ৰম কৰিছিলোঁ, কিন্তু এতিয়া সেইটো বাতিল কৰা হৈছে। এই সন্দৰ্ভত কোনেও একো কোৱা নাছিল, কিন্তু এন টি এয়ে নিজেই স্বীকাৰ কৰিছে যে পৰীক্ষাত বিসংগতি হৈছে।" ছাত্ৰজনে লগতে কয়, ‘বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিলৰ সমস্যাৰ সৃষ্টি হয় আৰু তাৰ পিছত কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ নকৰাটোৱে প্ৰতিষ্ঠানসমূহৰ দায়িত্বহীন মনোভাৱ প্ৰকাশ কৰে।’

আন এগৰাকী শিক্ষাৰ্থী প্ৰাচী পাণ্ডেয়ে কয়, "যেতিয়া দেখা গ'ল যে NEET-JEE ৰ দৰে পৰীক্ষাত নকল হৈ আছে, তেতিয়াও NET পৰীক্ষা অনুষ্ঠিত হৈছিল। এইটো শিক্ষাৰ্থীৰ ক্ষেত্ৰত বহুত ভুল। মাত্ৰ অলপতে আৰক্ষীৰ নিযুক্তিৰ প্ৰশ্নকাকতও ফাদিল হৈছে। এতিয়া NETৰ পাল!" তেওঁ কয় যে ছোৱালীৰ ওপৰত অভিভাৱকৰ হেঁচা অধিক হয়, সোনকালে পঢ়া-শুনা সম্পূৰ্ণ কৰিব নোৱাৰিলে বিয়া দি দিব বুলি প্ৰায়ে হেঁচা দিয়ে।

১৮ জুনত নেট পৰীক্ষাত অৱতীৰ্ণ হোৱা শ্ৰুতি মিশ্ৰই কয়, "প্ৰথমে আমাৰ সময় অপচয় হৈ আছে। ছাত্ৰ-ছাত্ৰীয়ে বহুত কষ্ট কৰে আৰু পৰীক্ষা বাতিল হ'লে তেওঁলোকৰ পৰিশ্ৰম অপচয় হয় আৰু লগতে তেওঁলোকে উৎসাহো হেৰুৱায় পেলায়। আমি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওঁ, সঁচাকৈয়ে পঢ়ো, যেতিয়া কিছুমান শিক্ষা মাফিয়াই প্ৰশ্নকাকত ফাদিল কৰিব, কিছুমান মানুহে টকা দি পাছ কৰিব আৰু বক্ৰ পথেৰে আমাক চেৰ পেলাই আগবাঢ়িব, তেতিয়া আমাৰ কষ্ট হয়, আশা হেৰুৱাই পেলাও।"

অসমতো বিৰোধীৰ প্ৰতিবাদ, নিশ্চুপ ছাত্ৰ সংগঠন

হাজাৰটা সংগঠনেৰে চহকী অসমখন। শিক্ষাৰ্থীৰ নাম লৈ অসমত আছে আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱাৰা ছাত্ৰ সংগঠন। সংগঠনৰ চোতালত বিহু মাৰি ৰাজনীতিৰ পদূলি গচকি ৰাজভোগ কৰাই যেন এতিয়া প্ৰধান লক্ষ্য হৈ পৰিছে অসমৰ সাংগঠনিক নেতা-কৰ্মীৰ। কিয়নো অসমৰ মূল সমস্যা বাদেই, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈও কাহানিও বিশেষ একো এটা কৰি নোপোৱা অসমৰ ছাত্ৰ সংগঠনসমূহ অইনবেলিৰ দৰে এইবাৰো NET, NEET পৰীক্ষাত সংঘটিত হোৱা অনিয়মক লৈ নিশ্চুপ হৈয়ে ৰোৱা দেখা গৈছে। 

ইয়াৰ বিপৰীতে পৰীক্ষা বিসংগতিক লৈ ৰাষ্ট্ৰীয় কংগ্ৰেছে দেশজুৰি আহ্বান জনোৱা প্ৰতিবাদৰ অংশস্বৰূপে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনতো প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতা-কৰ্মীয়ে। প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই NEET পৰীক্ষাৰ ফলাফল লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনাই অৰ্থাৎ ৪ জুনত কিয় প্ৰকাশ কৰিবলগীয়া হ’ল বুলিও প্ৰশ্ন কৰে। 

তেওঁ কয় যে ৪ জুনত NEETৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বিজেপি চৰকাৰে অনিয়ম লুকুৱাই ৰাখিবলৈ অপচেষ্টা চলাইছিল। ''চিকিৎসকসকল হৈছে আমাৰ দেশৰ সম্পদ। দেশবাসীৰ সুস্বাস্থ্য চিকিৎসকসকলৰ ওপৰতেই নিৰ্ভৰ কৰে। তৎসত্বেও এনডিএ চৰকাৰে দেশৰ ৫৫ হাজাৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী বাছনি কৰা পৰীক্ষাত অনিয়ম সংঘটিত কৰিছে। ইয়াৰ অৰ্থ এয়াই যে চৰকাৰখনে দেশৰ জনতাৰ স্বাস্থ্যৰ সৈতে হেতালি খেলিছে। দেশৰ জনতাৰ সৈতে হেতালি খেলা কাৰ্য মানেই হৈছে ৰাষ্ট্ৰদ্ৰোহ। মোদীৰ এনডিএ চৰকাৰখনে ৰাষ্ট্ৰদ্ৰোহিতাৰ দৰে কাৰ্যত লিপ্ত হৈছে।’’- এইদৰে ক্ষোভ ব্যক্ত কৰে ভূপেন বৰাই।

বিহাৰ, গুজৰাট আৰু হাৰিয়ানাত হোৱা গ্ৰেপ্তাৰৰ পৰা পৰিকল্পিতভাৱে যে দুৰ্নীতি কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি বৰাই কয় যে বিজেপি শাসিত ৰাজ্যসমূহত এই পৰীক্ষাৰ নামত দুৰ্নীতি সংঘটিত হৈছে। তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়েও এই অভিযোগসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে আৰু বিজেপিৰ আমোলত সংঘটিত এনে অনিয়মে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটোৰ প্ৰতিয়েই বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু অগণন নিষ্ঠাবান ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ বিপন্ন কৰি তুলিছে। 

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিয়া বুলি দাবী কৰা মোদীয়ে কিয় NEETৰ দৰে গুৰুত্বপূৰ্ণ সৰ্বভাৰতীয় পৰীক্ষাটোও ভালকৈ পাতিব নোৱাৰিলে বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। দুৰ্নীতি গাপ দিয়াৰ বাবে বিজেপিৰ কথা অনুসৰিয়েই ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এনটিএয়ে ফলাফলৰ নিৰ্ধাৰিত দিন ১৪ জুনৰ পৰিৱৰ্তে ১০ দিন আগতেই ফলাফল ঘোষণা কৰিছিল বুলিও তেওঁ অভিযোগ কৰে। সভাপতি বৰাই এই দুৰ্নীতিৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত কৰাৰ বাবে দাবী জনায়। 

শুকুৰবাৰে গুৱাহাটীত কংগ্ৰেছে সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভানেত্ৰী ববিতা শৰ্মাকে আদি কৰি কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই ভাষণ প্ৰদান কৰি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ শাসকীয় এনডিএ চৰকাৰে ক’ৰ পৰা অধিকাৰ পালে বুলি তীব্ৰ সমালোচনা কৰে।