
ওদালগুৰি,৮ ডিচেম্বৰঃ বিগত ২২ নৱেম্বৰত ইজৰাইলত এগৰাকী মহিলাৰ মৃত্যু হোৱা বাতৰিয়ে তোলপাৰ লগাইছে ওদালগুৰি। প্ৰথমাৱস্থাত মহিলাগৰাকীৰ সৈতে লাভ কৰা পাৰপত্ৰ তথা নথিপত্ৰৰ দ্বাৰা মহিলাগৰাকী অসমৰ ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মেৰাবিল গাওঁৰ বুলি বাতৰি লাভ কৰা হৈছিল। সেই বাতৰিৰ ভিত্তিতে মাজবাট আৰক্ষী তথা সাংবাদিকৰ এটা দলে মেৰাবিলৰ উক্ত গাওঁখনলৈ গৈ পৰিয়ালটো সন্দৰ্ভত তথ্য উদ্ধাৰৰ চেষ্টা চলাইছিল। কিন্তু পৰিয়ালটো সন্দৰ্ভত গাওঁবুঢ়া কিম্বা আৰক্ষীৰ হাততো নাই কোনো তথ্য। গাওঁৰ ৰাইজে গাওঁখনত তেনে নামৰ কোনো পৰিয়াল গাওঁখনত নথকাৰ কথা উল্লেখ কৰে।