জাজৰিঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অগপ দল৷ কোনো কমতেই ৰাখিব বিছৰা নাই কোনো সুৰুঙা৷ প্ৰায় তিনিমাহ মান বাকি থকা অৱস্থাতেই ৰণ ডংকা বজাবৰ বাবে সাজু কৰিছে পাৰ্থী তথা সমিতি৷ সেই উদ্দেশ্যই আগত ৰাখি শেহতীয়াকৈ অসম গণ পৰিষদৰ বটদ্ৰৱাৰ নেতৃত্বই ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে।
ইতিমধ্যে দুবাৰকৈ বিধানসভা নিবাৰ্চনত পৰাজিত প্ৰাৰ্থী তথা কেন্দ্ৰীয় নেত্রী মামনি বৰা, সমষ্টিটোৰ নেতা ৰঞ্জন বৰা, কেন্দ্ৰীয় যুৱ পৰিষদৰ নেতা অনন্ত ফুকনকে ধৰি কেইবাগৰাকী নেতাই আঞ্চলিক দলটোৰ সমষ্টিটোত হেৰুৱা গৌৰৱ উদ্ধাৰৰ বাবে তৃণমূল কৰ্মীৰ মাজত সোমাই পৰিছে।