69
ডিজিটেল ডেস্কঃ গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসাৰ দৰৱ সৰ্বসাধাৰণৰ বাবে সুলভ কৰাৰ উদ্দেশ্যে এখন নতুন আইন প্ৰণয়ন কৰাৰ বাবে প্ৰস্তুতি চলোৱা বুলি ঘোষণা কৰিছে।
”দেশৰ জনসাধাৰণে যাতে সস্তাতে দৰৱ লাভ কৰে, তাৰবাবেই চৰকাৰে কাম কৰি আছে। ডাক্তৰে যাতে কেৱল জেনেৰিক দৰৱৰহে পৰামৰ্শ দিয়ে, তাৰবাবে অতি সোনকালে আইন প্ৰণয়ন কৰা হ’ব’’- এইবুলি মন্তব্য কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।