87
ডিজিটেল ডেস্কঃ পথৰ দাতিৰ নলাত পৰি আছিল এটি প্লাষ্টিকৰ বেগ। উপ-পথৰ দাতিৰে মানুহ আহিছে আৰু গৈছে। কিন্তু এগৰাকী লোকৰ বেগটোৰ ওপৰত পৰিল চকু।
লোকজনে নলাৰ পৰা বেগটো উঠাই আনে খুলি চাই আঁচৰিত হ’ল কিয়নো বেগটোৰ ভিতৰত আছিল এটি কেচুৱা। নলাত পৰি থকা বেগটোত ছাই মিহলাই থোৱা আছিল। কোনেও হয়তো ভবা নাছিল সেই ছাই ভৰ্তি বেগত থাকিব পাৰে এটি কেচুৱা৷