কোকৰাঝাৰঃ কোকৰাঝাৰৰ হাব্ৰুবাৰীস্থিত বিটিচি ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালক তথা বিভাগীয় মূৰব্বী বিষয়াৰ নৱনিৰ্মিত কাৰ্য্যালয় ভৱন আৰু খাৰগাঁৱত মীন বিভাগৰ নৱনিৰ্মিত অতিথিশালা আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শুভ উদ্বোধন কৰে।
বিটিচিৰ এঅপি (এছ অ পি ডি) ২০১৫-১৬ আঁচনিৰ অধীনত আবন্টিত ১.৩৩ কোটি ধনেৰে নৱনিৰ্মিত ভূমি বিভাগৰ কাৰ্য্যালয় ভৱন আৰু কোকৰাঝাৰৰ খাৰগাঁৱত এ অ পি ( এছ অ পি ডি) ২০১৬-১৭ আঁচনিৰ অধীনত আৱণ্ঠিত ১.১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মীন বিভাগৰ নৱনিৰ্মিত অতিথিশালা সহ প্ৰশিক্ষণ ভৱন উদ্বোধনী অনুষ্ঠান কাৰ্যসূচীত বিটিচিৰ কাৰ্য্যৱাহী সদস্য ক্ৰমে ৰাজীৱ কুমাৰ ব্ৰহ্ম , দনেশ্বৰ গয়াৰী, জগদীশ সৰকাৰ , মুখ্য সচিব বি চি ফুকন প্ৰমুখ্যে কেইবাগৰাকী বিভাগীয় উচ্চ পদস্থ বিষয়াও উপস্থিত থাকে।