ঘাৰমোৰাঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত এ আই ইউ ডি এফ দলৰ ভেটি অধিক মজবুত কৰিবৰ বাবে দেওবাৰে জামিৰা ৰেল ষ্টেচনৰ সমীপত দলৰ এখন সভা অনুষ্ঠিত কৰে। জামিৰা জিপিৰ সভাপতি আফতাৱ উদ্দিন বৰভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত ৪১জন সদস্য বিশিষ্ট এ আই ইউ ডি এফ জামিৰা আঞ্চলিক সমিতিখন পুণৰগঠন কৰা হয়।
শতাধিক কৰ্মী সমৰ্থকৰ প্ৰস্তাৱ তথা সমৰ্থনত নবগঠিত সমিতিখনৰ সভাপতি হিচাপে নেজাম উদ্দিনক মনোনয় কৰা হয়। উপসভাপতি হিচাপে কমৰুল ইছলাম, সম্পাদক হিচাপে আলী আহমেদ বৰভূঞা তথা সহঃ সম্পাদক পদত নজমুল হুছেইন মজুমদাৰক মনোনীত কৰা হয়।