49
তুলসীবাৰীঃ সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে দেওবাৰে ৰঙিয়াত সাধাৰণ সভা এখন অনুষ্ঠিত হয়৷ স্থানীয় ফেকাল্টি একাডেমীত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত সভাখনত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অনুপল দত্ত পাঠক উপস্থিত থাকি ভাষণ প্ৰসংগত ৰাজ্যৰ ২৬ লক্ষাধিক নিবনুৱাৰ প্ৰায় আশী শতাংশই কলিতা জনগোষ্ঠীয় বুলি উল্লেখ কৰে৷
