চামগুৰিঃ আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেচনেল ফেডাৰেচন অৱ জাৰ্ণেলিষ্টৰ অন্তৰ্গত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ কলিয়াবৰ জিলা সমিতি শনিবাৰে গঠন কৰা হয়৷ নগাঁও জিলাৰ চামগুৰি গড়কাপ্টানী পৰিদৰ্শন বাংলাত জ্যেষ্ঠ সাংবাদিক গোলাপ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়৷
চামগুৰিৰ সংযুক্ত সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নীলৰঞ্জন শৰ্মাই আঁত ধৰা জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ সভাত কলিয়াবৰ জিলা সমিতি গঠন কৰা হয়৷ সভাত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পলাশ ৰঞ্জন দাস পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ লক্ষ্য-উদ্দেশ্য আৰু সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বক্তব্য ৰাখে৷