কোকৰাঝাৰঃ অসম নেপালী সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত দেওবাৰে এখন সভা অনুষ্ঠিত হয়৷ কোকৰাঝাৰ জিলাৰ সৰলপাৰাত স্থানীয় সমাজ সেৱক চিৰঞ্জীৱ চুৱেদিৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা খন৷ সভাত সন্দীপ সাকোটাক সভাপতি আৰু বিক্ৰম গুৰুঙক সাধাৰণ সম্পাদক হিচাপে লৈ ১৭ জনীয়া উল্টাপানী-সৰলপাৰা নামেৰে নেপালী সাহিত্য সভাৰ শাখা সমিতি গঠন কৰা হয়৷
নেপালী সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি কৃষ্ণ বাহাদুৰ থাপাই সভাখনত উপস্থিত থাকি সাহিত্য সভাৰ প্ৰয়োজনীয় কথা অৱগত কৰাৰ লগতে অসম নেপালী সভাই অহা ১৪, ১৫ অাৰু ১৬ এপ্ৰিলত আয়োজন কৰা সৰ্ব্বভাৰতীয় নেপালী সাহিত্যিকসকলৰ মহামিলনত কোকৰাঝাৰ জিলাৰ পৰা অংশগ্ৰহন কৰাৰ বাবে অাহ্বান জনায়।