ওদালগুৰিঃ সদৌ অসম ছাত্ৰ সন্থাৰ আগশাৰীৰ আঞ্চলিক সমিতি ওদালগুৰি আঞ্চলিক সমিতিৰ সপ্তদশ বাৰ্ষিক অধিৱেশন সোমবাৰৰ পৰা ওদালগুৰি শ্বহীদ ভৱনত অনুষ্ঠিত হয়। বহু জল্পনা-কল্পনাৰ অন্তত মঙলবাৰে আঞ্চলিক সমিতি নতুনকৈ গঠন কৰা হয়৷ আঞ্চলিক সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক পদৰ বাবে ব্যাপক গুণগঠা চলি আছিল যদিও মঙলবাৰে সকলো গুণগঠাৰ অন্ত পৰে৷
সভাপতি-সাধাৰণ সম্পাদক পদৰ বাবে কেইবাগৰাকী ছাত্ৰ নেতাই কুচকাৱাজ চলাই থকা বুলিও জানিব পৰা গৈছিল৷ মঙলবাৰে পুৱা প্ৰতিনিধি সভা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই সদৌ অসম ছাত্ৰ সন্থাৰ ভৱিষ্যৎ কাৰ্যপন্থা, চৰকাৰৰ অসমীয়া বিৰোধি স্থিতি সন্দৰ্ভত ভাষণ প্ৰদান আছুৰ প্ৰতিগৰাকী সদস্যই মাৰ বান্ধি থিয় দি জাতীটোৰ হকে কাম কৰিব লাগিব বুলি কয়৷