ডিজিটেল ডেস্কঃ ভাৰতীয় মুছলমানক পাকিস্তানী বুলি সম্বোধন কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছিয়ে৷ লোকসভাত উদাত্ত কন্ঠে ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰক আক্ৰমণ কৰি পাকিস্তনী বুলি সম্বোধন কৰাসকলৰ বিৰুদ্ধে আইন হ’ব লাগে আৰু ৩ বছৰৰ জেল হ’ব লাগে বুলি কয়৷
আজিও ৭০ বছৰৰ পিছত মোক পাকিস্তানী বুলি কোৱা হয়৷ কিয় পাকিস্তানী বুলি কয় বুলি প্ৰশ্ন উত্থাপন কৰি আমি ওৱেছিয়ে জিনাৰ আদৰ্শক প্ৰত্যাহাৰ কৰি আমি পতাকা উত্তোলন কৰো বুলি কয়৷ এছচি, এছটিৰ বাবে যেনে ধৰণৰ আইন বনাইছে তেনে আইন মুছলমানৰ বাবে বনাবলৈ দাবী জনায় চৰকাৰক৷