ডিজিটেল ডেস্কঃ ভাৰতৰ বহুকেইখন ৰাজ্যত চৰকাৰে প্ৰকৃত ভাৰতীয় নাগৰিকক প্ৰদান কৰিছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ দেশৰ নাগৰিকৰ এতিয়া উৎকন্ঠাৰ অন্ত নাই। কিন্তু বৰ্তমানেও অসমত প্ৰদান কৰা হোৱা নাই আধাৰ কাৰ্ড। 

সকলোৱে নিজৰ আধাৰ কাৰ্ড বনোৱাৰ বাবে এতিয়া উঠি পৰি লাগিছে। কিন্তু আধাৰ কাৰ্ড নিৰ্মাণ কৰিবলৈ যাওঁতে এটা কথালৈ মন কৰক,  আপোনাৰ হাতত যদি ৬টা আঙুলি আছে, আপুনি পাহৰি যাওক আধাৰৰ কথা।

জানিব পৰা মতে, নাচিকত এজন মানুহৰ এখন হাতত ৬টা আঙুলি থকাৰ বাবেই আধাৰ কাৰ্ড উলিয়াবলৈ আঠ মাহ অফিচলৈ অহা যোৱা কৰিব লগা হৈছিল।

নাচিকৰ গান্ধীনগৰত বসবাস কৰা ৬৩ বছৰীয়া দুৰুদজাল দিলবাগ নামৰ আৰু বলিউদ অভিনেতা ঋত্বিক ৰৌচনৰ হাতত ৬টা আঙুলি থকাৰ মিল আছে। তেওঁলোকৰ অতিৰিক্ত আঙুলি থকাৰ ফলত আঙুলিৰ চাপ লোৱাৰ অসুবিধা হোৱা দেখা গৈছে। উল্লেখ্য যে, আধাৰ কাৰ্ড বনোৱাৰ বাবে অন্যান্য সামগ্ৰীৰ লগতে দুয়োখন হাতৰ আঙুলিৰ চাপৰ প্ৰয়োজন।