নতুন দিল্লীঃ নাগৰিকপঞ্জী সন্দৰ্ভত অসম চৰকাৰক মঙলবাৰে কঠোৰ ভাষাৰে সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে৷ দেশৰ শীৰ্ষ আদালতে কয় যে সাধাৰণ জনতাৰ এন আৰ চিৰ সন্দৰ্ভত অসম চৰকাৰক বিশ্বাসত ল’ব পৰা নায়৷
এই সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰি ভাৰতৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয়, ‘অসমৰ এন আৰ চিত ৪০ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, ইয়াৰ অৰ্থ হ’ল, প্ৰাইমা-ফেচি, এই সকল লোক বিদেশী৷ কিন্তু ন্যায়াধীকৰণে বাৱন্ন হাজাৰ লোককহে বিদেশী বুলি ঘোষণা কৰিছে আৰু ইয়াৰে মাত্ৰ ১৬২ জনকে প্ৰত্যাপৰ্ণ কৰিছে৷’