নতুন দিল্লীঃ নাগৰিকপঞ্জী সন্দৰ্ভত অসম চৰকাৰক মঙলবাৰে কঠোৰ ভাষাৰে সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে৷ দেশৰ শীৰ্ষ আদালতে কয় যে সাধাৰণ জনতাৰ এন আৰ চিৰ সন্দৰ্ভত অসম চৰকাৰক বিশ্বাসত ল’ব পৰা নায়৷ 

এই সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰি ভাৰতৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয়, ‘অসমৰ এন আৰ চিত ৪০ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, ইয়াৰ অৰ্থ হ’ল, প্ৰাইমা-ফেচি, এই সকল লোক বিদেশী৷ কিন্তু ন্যায়াধীকৰণে বাৱন্ন হাজাৰ লোককহে বিদেশী বুলি ঘোষণা কৰিছে আৰু ইয়াৰে মাত্ৰ ১৬২ জনকে প্ৰত্যাপৰ্ণ কৰিছে৷’ 

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বৰ খণ্ড বিচাৰপীঠে লগতে প্ৰশ্ন কৰে যে অসম চৰকাৰক কেনেকৈ জনতাই বিশ্বাসক ল’ব? চৰকাৰে সমগ্ৰ বিষয়টোতে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে৷ 

সিফালে, ছলিচিট জেনেৰেল মেহতাই কয় যে এন আৰ চিৰ পৰা বাট পৰা ৪০ লাখ লোকক অবৈধ প্ৰৱজনকাৰী হিচাপে চিনাক্ত কৰিব পৰা নাযায়৷ এই লোকসকলক প্ৰাইমা-ফেচি অবৈধ বিদেশী বুলি ক’ব পৰা যায় যদিও এন আৰ চিত নাম অন্তৰ্ভুক্ত নহ’ল বুলিয়েই তেওঁলোক বিদেশী হৈ নাযায়৷

তেওঁ লগতে কয় যে বিদেশী আৱদ্ধ কৰি ৰখা ডিটেনচন কেম্প সমূহৰ অৱস্থা মানৱীয় নহয়৷