ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ নতুন বিদেশ সচিব হিচাপে নিযুক্তি দিলে বিজয় কেশৱ গোখলক৷ পূৰ্বৰ বিদেশ সচিব এছ জয়শংকৰে চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতে চৰ্চালৈ আহিছিল বিজয় কেশৱ গোখলেৰ নাম৷

নতুন বছৰৰ প্ৰথমটো দিনতে কেন্দ্ৰীয় চৰকাৰে বিজয় কেশৱ গোখলক বিদেশ সচিব হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে৷

অহা দুই বছৰ এই পদটোত কাৰ্যনিৰ্বাহ কৰিব গোখলেই৷ বৰ্তমান বিদেশ মন্ত্ৰাণালয়ৰ অৰ্থনৈতিক বিষয়ৰ সচিব হৈ দায়িত্ব পালন কৰি আছিল৷ বিজয় কেশৱ গোখলে ভাৰতী বিদেশ সেৱাৰ (আইএফএছ) ১৯৮১ চনৰ বিষয়া আছিল৷