নতুন দিল্লীঃ আওপুৰণি স্বাস্থ্য নীতি সলনি কৰি নতুন স্বাস্থ্য পৰিকল্পনা গ্ৰহণ কৰাৰ উদ্দেশ্যে বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ গৃহীত কৰে। নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত থকা কেন্দ্ৰীয় কেবিনেটে উক্ত স্বাস্থ্য আইনখন ইয়াৰ আগেয়েও গৃহীত কৰাব গৈ থমকি ৰৈছিল।
অৱশেষত আওপুৰণি স্বাস্থ্য নীতি সংশোধন কৰি নতুন নীতি গৃহীত কৰে কেবিনেটে। এই নতুন আইনৰ যোগেদি দেশখনৰ যিকোনো প্ৰান্তত থকা লোককে একেখন স্বাস্থ্য কাৰ্ডেৰে সকলো প্ৰাপ্য সা-সুবিধা প্ৰদান নিশ্চিত কৰা হ’ব। নতুন নীতি অনুযায়ী এতিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰত কেৱল টিকাকৰণ, প্ৰসূতিৰ প্ৰাথমিক চিকিৎসা আদিতে সীমাবদ্ধ নাথাকে। তাৰ লগতে সংক্ৰমণৰ অযোগ্য কেতবোৰ ৰোগৰো চিকিৎসাৰ ব্যৱস্থাৰ লগতে অনান্য সা-সুবিধাও উপলব্ধ কৰোৱা হ’ব।