newsnextone.com | ডিজিটেল ডেস্কঃ পিতৃ-মাতৃ হৈছে মাটিৰ ইশ্বৰ৷ ক’ত যন্ত্ৰণাৰ জুই নিজৰ বুকুত জ্বলিবলৈ দি সন্তানৰ হিতৰ বাবে প্ৰাৰ্থনা কৰে তেওঁলোকে৷ নিজে নাখাই, নিজে নিপিন্ধি, মাথো সন্তানৰ চিন্তাত পাৰ কৰে এটি এটি পল৷ তেওঁলোকেই পিতৃ-মাতৃ৷ যাৰ অবিহনে শৈশৱবোৰ নিস্তেজ হৈ পৰে৷
কিন্তু সন্তান যেতিয়া ডাঙৰ হয়, এদিন বুকুৰ আঁচলেৰে বান্ধি ৰখা নিজৰ মাতৃয়ে সন্তানৰ বুকুত স্থান নাপায়৷ ৰ’দ বৰষুণ নসাৎ কৰি সন্তানৰ পচন্দৰ চোলাটো বা পুতলাটো আনি দিয়া পিতৃৰ মূল্য শূণ্য হৈ পৰে তেতিয়া৷ ‘ডাঙৰ’ হোৱা অনেক সন্তানৰ মনত তেতিয়া পিতৃ-মাতৃ মাথো একোটা বৃদ্ধ বোজাৰ বাহিৰে আন একো নহয়৷