গুৱাহাটীঃ বৃহস্পতিবাৰে শপত ল’লে সৰ্বানন্দ মন্ত্ৰীসভাত স্থান পোৱা ৭ গৰাকী নতুন মন্ত্ৰীয়ে৷ বুধবাৰে সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত স্থান পোৱা বিধায়কসকলৰ নাম ঘোষণা কৰা হৈছিল৷ ইয়াৰ পাছতেই মন্ত্ৰীত্ব লাভ নকৰাত দুখ প্ৰকাশ কৰিছিল কেইবাগৰাকীও বিধায়কে৷ 

কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাতখনত স্থান লাভ কৰা ৭গৰাকী নতুন মন্ত্ৰীয়ে আজি ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱাৰ লগতে মন্ত্ৰী কেইজনে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে৷ 

 ৰাজভৱনত সিদ্ধাৰ্থ ভট্টাচাৰ্য, ছুম ৰংহাং, চন্দন ব্ৰহ্ম আৰু ফণীভূষণ চৌধুৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে ভৱেশ কলিতা, তপন গগৈ আৰু পীয়ুষ হাজৰিকাই স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷