newsnextone.com | বিলাসীপাৰাঃ শনিবাৰে বিলাসীপাৰাত অসম জন মৰ্চাৰ (আঞ্চলিক ৰাজনৈতিক দল) এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদ মেলত অসম জন মৰ্চাৰ ৰাজ্যিক সভাপতি ছাইফুল ইছলামে কয় যে, অসম গণ পৰিষদ আঞ্চলিক দলে যিহেতু ৰাষ্ট্ৰীয় বিজেপি দলৰ লগত মিত্রতা কৰিছে। অসমৰ স্বাৰ্থৰ কাৰণে আঞ্চলিক দলৰ প্ৰয়োজন আছে।
সংবাদমেলত শান্তি, ন্যায় আৰু একতা প্ৰতিষ্ঠাক লক্ষ্য আৰু উদ্দেশ্য হিচাপে লৈয়ে অসম জন মৰ্চা নামৰ নতুন আঞ্চলিক দলটোৰ গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে দলটোৰ কৰ্মকৰ্তা সকলে।