ডিব্ৰুগড়ঃ সমগ্ৰ দেশত দুৰ্নীতি-অপৰাধ দিনে দিনে যেনেদৰে বাঢ়িছে৷ ঠিক তেনেদৰে বৃদ্ধি হোৱা নাই দুৰ্নীতি-অপৰাধ প্ৰতিৰোধ কৰাৰ উপায়৷ সৃষ্টি হোৱা নাই ব্যতিক্ৰম ধৰ্মী নতুন আইনৰ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এন্টি কৰাপচন ক্ৰাইম কন্ট্ৰল কমিটিৰ ৰাষ্ট্ৰীয় সমিতিয়ে জন্ম লগ্নৰে পৰাই দুৰ্নীতি আৰু অপৰাধ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰনৰ বাবে তীব্ৰ গতিত অভিযান অব্যাহত ৰাখিছে৷
দেশৰ বিভিন্ন ৰাজ্যত এই সমিতিৰ ৰাজ্যিক সমিতি গঠন কৰি দুৰ্নীতি-অপৰাধ নিয়ন্ত্ৰণৰ বাবে কাম কৰি থকা হৈছে৷ ফলাফলো ভাল হৈছে৷ যাৰ ফল স্বৰূপে অসমতো সংগঠনটোৱে নতুন সভাপতি নিযুক্তি দিছে সংগঠনটোৱে৷ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ মুখ্য সাধাৰন সম্পাদক প্ৰকাশ কায়স্থক এন্টি কৰাপছন এণ্ড ক্ৰাইম কন্ট্ৰলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি নিযুক্তি দিয়ে৷