শুক্লাইঃ ‘‘বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি বাসীক সদায় সম দৃষ্টিৰে চাই আহিছে আৰু উন্নয়নত গুৰুত্ব দিছে। বৰ্তমান হাগ্ৰামা মহিলাৰীৰ যি আদৰ্শ বিটিচি গঢ়াৰ সপোন তাক বাস্তৱ ৰূপ দিবলৈ সকলোয়ে আগবঢ়ি অহা উচিত। বিটিচিত যি কোনো জনগোষ্ঠীয়ে কংগ্ৰেছ, চিপি আই এম, অগপ, বিজেপি নকৰক কিয় সকলোকে সমান সুবিধা দিয়া হ’ব।’’- এই মন্তব্য ভেৰগাঁও সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ উপাধ্যক্ষ নেৰশন বড়োৰ।
ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত অসম-ভূটান সীমান্তৰ শুক্লাই ভিচিডিৰ এম জি এনৰেগাৰ অধীনৰ ১২টা আঁচনিৰ শুভ উদ্ধোধন কৰি বিটিচি উপাধ্যক্ষই আজি এই মন্তব্য আগবঢ়ায়।