76
ডিজিটেল ডেস্কঃ জন্মত বিসংগতি থকা শিশুৰ অভিভাৱকসকলৰ বাবে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনিছে এটা সুখবৰ৷ জন্মৰ পৰা বিসংগতিপূৰ্ণ শিশুসকলৰ চিকিৎসাৰ বাবে গুজৰাটৰ দৰে অসমতো এখন আঁচনি ৰূপায়ন কৰাৰ কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
কলাক্ষেত্ৰত অটল অমৃত যোজনাৰ নগদবিহীন আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই৷