প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

লাহোৱালঃ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ সেৱা সমিতিয়ে স্থাপন কৰিব বিদ্যালয়। নাৰ্চাৰীৰ পৰা হাইস্কুল পৰ্যায়লৈকে 'শ্ৰীশ্ৰীঅনিৰুদ্ৱদেৱ একাডেমী’ নামেৰে এখন বিদ্যালয় স্থাপনৰ প্ৰস্তুতি চলাইছে সেৱা সমিতিয়ে। ডিব্ৰুগড় বৈৰাগীমঠস্থিত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত সেৱা সমিতিৰ সভাপতি ড০ সৃষ্টিধৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত এখন বিশেষ সভাত বিদ্যালয় প্ৰস্তুতি সমিতি গঠন কৰা হয়।

সমাজকৰ্মী চান্দ গোহাঁইক সভাপতি, শিক্ষাবিদ শিৱ দত্তক কাৰ্যকৰী সভাপতি, হলিৰাম ফুকনক সম্পাদক, ভূষণজ্যোতি সন্দিকৈক ব্যৱস্থাপক আৰু মাধুৰ্য বৰুৱাক সদস্য হিচাপে লৈ প্ৰস্তুতি সমিতি গঠন কৰা হয়। ইতিমধ্যে বিদ্যালয় নিৰ্মাণৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ হোৱা বুলিও জানিব পৰা গৈছে। নতুন বৰ্ষৰ জানুৱাৰী মাহৰ পৰা নাৰ্চাৰী, কেজিপ্ৰি প্ৰাইমাৰী আৰু প্ৰথম শ্ৰেণীৰ শিক্ষাদান আৰম্ভ হ'ব বিদ্যালয় খনত।