ডিব্ৰুগড়ঃ শিক্ষাৰ পোহৰ বিলাই তথা মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে বৃহস্পতিবাৰে এখন শিক্ষানুষ্ঠান আৰম্ভ হ’ল ডিব্ৰুগড় জিলাত৷ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতিয়ে ডিব্ৰুগড়ৰ বৈৰাগীমঠত স্থাপন কৰে শিক্ষানুষ্ঠান খন৷ বৈৰাগীমঠৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ চৌহদত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ একাডেমী নামেৰে স্থাপন কৰা বিদ্যালয় খন বৃহস্পতিবাৰে শুভ উদ্বোধন কৰে ডিব্ৰুগড়ৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক সংগীতা বৰুৱাই।
বিদ্যালয় প্ৰস্তুতি সমিতিৰ সভাপতি চান্দ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিশিষ্ট শিক্ষাবিদ ড০ সৃষ্টিধৰ দত্ত, সমাজ সংগঠক যতীন্দ্ৰ মোহন গগৈ, খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিৱ দত্ত আদি বিশিষ্ট লোক উপস্থিত থাকে। আৰম্ভণীতে বিদ্যালয় প্ৰস্তুতি সমিতিৰ সম্পাদক হলিৰাম ফুকনে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ, অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন তথা শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ সেৱা সমিতিৰ সভাপতি ড০ সৃষ্টিধৰ দত্তই কলেজ এখন থকাৰ পাছতো কেনে পৰিস্থিতিত নতুনকৈ বিদ্যালয় এখনৰ কথা চিন্তা কৰিবলগা হ’ল সেই কথা অৱগত কৰে।