বটদ্ৰৱাঃ নগাঁও জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে সোমবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে ভাৰতীয় আৰক্ষী সেৱাৰ সুদক্ষ বিষয়া শংকৰ ৰায়মেধিয়ে৷ বিগত প্ৰায় দুটা বছৰে জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱৰাজ উপাধ্যায়ে চৰকাৰে শেহতীয়া নিৰ্দেশ অনুসৰি অন্য ঠাইলৈ বদলি কৰাত নতুন আৰক্ষী অধীক্ষকগৰাকীয়ে সোমবাৰে দায়িত্ব চমজি লয় ৰায়মেধিয়ে৷
২০০৭ চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ আইপিএছ গৰাকীয়ে বিগত সময়চোৱাত বিভিন্ন পদত ভিন ভিন স্থানত অতি কৰ্মকুশলতাৰে দায়িত্ব পালন কৰি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈ শেহতীয়াকৈ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে৷ আইন শৃংখলাৰ ক্ষেত্ৰত জিলা খনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰে৷