129
ৰঙিয়াঃ নতুন বছৰৰ বাবে সংকল্প ললে এবছুৱে৷ মহিলাক সমাজৰ লগে লগে আগুৱাই নিয়াৰ বাবে নতুন বছৰত কাম কৰিব এবছুৱে৷ ২০১৮ বৰ্ষক সৰ্বাংগীন উন্নয়ন আৰু সজাগতা বৰ্ষ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে।
দেওবাৰে কামৰূপৰ ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱন প্ৰাংগনত অনুষ্ঠিত এবছুৰ মহিলা সমাৰোহত এই সিদ্ধান্ত গ্ৰহণ কৰে বড়ো জাতিৰ জাতিয় সংগঠনটোৱে। নতুন বছৰটোত ৰাজ্যজুৰি ১৫০০ সভা অনুষ্ঠিত কৰাৰ সংকল্প গ্ৰহণ কৰিছে।