শুভ নৱবৰ্ষ ২০২০। News Next Oneৰ তৰফৰ পৰা সমূহ ভিউৱাৰ্ছ তথা অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জনালো। অসমীয়া ভাষাৰ প্ৰথমটো নিউজ পৰ্টেল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা ভিন্ন উত্থান-পতনৰ মাজেৰে আহি আমি উপস্থিত হৈছো এই শুভক্ষণত। নতুন বছৰ এটাত ভৰি থোৱাৰ সময়তে আমাৰ ৰাজ্যৰ চৌদিশ এতিয়াও উত্তাল হৈ আছে। ভোগালীলৈও মাজত মাথো কেইটামান দিন। নতুন বছৰ, ভোগালী এই সকলোবোৰৰ মাজতে অসমীয়া ৰাইজ আজি নিজৰ সংকটকালত মাৰবান্ধি থিয় হৈছে। নতুন ৰূপত ওলাই আহিছে সজাগ জনতা। আন্দোলনো চলিছে, লগতে চলিছে কাম। অলপকৈ হ'লেও যেন কৰ্ম-সংস্কৃতি বুজি উঠিছে অসমীয়া ৰাইজে।

ৰাজ্যৰ বৰ্তমানৰ এনে পৰিস্থিতি বাদ দি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ চালেও দেখা যায় সেই একেই দৃশ্য। ইয়াৰ মাজতে সুখবৰ দেখা গৈছে মিডিয়া ক্ষেত্ৰখনত। অৰ্থনৈতিক মন্দাৱস্থা, মন্থৰ জিডিপি সত্বেও ১১ শতাংশ বিকাশৰ হাৰৰ সৈতে দেশৰ মিডিয়া ইণ্ডাষ্ট্ৰীয়ে অতিক্ৰম কৰিছে ১লাখ কোটিৰ সীমা। ২০২৪ চন পৰ্যন্ত এই সীমা ৩ লাখ কোটি অতিক্ৰম কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে অৰ্থনৈতিক বিশ্লেষকসকলে। 

আৰএনআইৰ পৰিসংখ্য অনুযায়ী কাকত-আলোচনীৰ সংখ্যা আজিৰ তাৰিখত ১ লাখ ১৫ হাজাৰৰো অধিক। নিউজ চেনেলৰ সংখ্যাও ৯০০ৰ ওচৰা-ওচৰি। এফএম ৰেডিঅ’ৰ প্ৰসাৰো ব্যাপক মাত্ৰাত হৈছে। আনহাতে সকলোতকৈ তীব্ৰ গতিত ধাৱিত হৈছে ডিজিটেল মিডিয়া। বিজ্ঞাপনৰ পৰা আহৰণ কৰা ধনৰ পৰিমাণ আশানুৰূপ নহ’লেও বিকাশৰ দিশৰ পৰা তুলনামূলকভাৱে সেয়া ঠিকেই বুলিব পাৰি। 

ইমানৰ পিছতো কিন্তু মিডিয়াক লৈ সৰ্বত্ৰে উত্থাপিত হৈছে প্ৰশ্ন। গণতান্ত্ৰিক দেশ এখনত সংবাদ মাধ্যমে পালন কৰিবলগীয়া ভূমিকা সঠিকভাৱে পালন নকৰাৰ অভিযোগেৰে শৰৱিদ্ধ হৈছে একাধিক সংবাদ প্ৰতিষ্ঠান। আন্তৰ্জাতিক পৰ্যায়ৰ ৱাটচ্ছডগ স্বৰূপ কেবাটাও সংস্থাই বিগত বছৰটোত ভাৰতৰ সংবাদ মাধ্যম জনতাতকৈ চৰকাৰৰ প্ৰতিহে অধিক দায়ৱদ্ধ হোৱা বুলি নিজৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। এখন গণতান্ত্ৰিক দেশৰ বাবে এয়া বাস্তৱিকতে ভয়াৱহ।

মূলতঃ ব্যাপক হাৰৰ বিনিয়োগৰ বাবেই চৰকাৰী হাতোৰাত তথা ৰাজনৈতিক মেৰপেচত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সোমাই যাবলৈ বাধ্য হৈ পৰিছে সংবাদ প্ৰতিষ্ঠানসমূহ। এনে পৰিপ্ৰেক্ষিটত অধিক প্ৰাসংগিক হৈ পৰিছে বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা। দেশৰ ভিন্ন প্ৰান্তত ইতিমধ্যে ৰাইজৰ দান-বৰঙণিৰে চলা কেবাটাও মুক্ত সংবাদ প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। এনে সংবাদ প্ৰতিষ্ঠান যিহেতু কোনো ৰাজনৈতিক নেতা বা কৰ্পৰেটৰ ধনৰ দ্বাৰা পৰিচালিত নহয় সেয়ে প্ৰতিটো মুহূৰ্ততে ৰাইজৰ প্ৰতি তথা গণতন্ত্ৰৰ প্ৰতি অধিক দায়ৱদ্ধ হৈ থাকে।

অসমতো এনে এক পৰিৱেশ গঢ়ি তুলিবৰ বাবে আৰম্ভণিৰে পৰা চেষ্টা চলাই আহিছে নিউজ নেক্সট ওৱানে। কিন্তু বিভিন্ন কাৰণত বিশেষকৈ বিকল্প সংবাদ মাধ্যম সম্পৰ্কে সৰ্বসাধাৰণৰ বাস্তৱিক ধাৰণা কম হোৱা বাবে আৰু বিনিয়োগকাৰী নথকা হেতু অৰ্থৰ অভাৱত নিউজ নেক্সট ওৱানৰ তৰফৰ পৰাও সেই সম্পৰ্কে প্ৰয়োজনীয় সজাগতা সৃষ্টি কৰিব নোৱৰা বাবে সমগ্ৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে।

অৱশেষত যোৱা অক্টোবৰ মাহৰ পৰা পৰীক্ষামূলকভাৱে নিউজ নেক্সট ওৱানে আৰম্ভ কৰে স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতা। প্ৰায় তিনিটা মাহৰ সফল পৰীক্ষাৰ প্ৰতি ৰাইজে তথা ভিন্ন প্ৰান্তৰ আমাৰ স্বেচ্ছাসেৱক আৰু স্থানীয় সংবাদদাঁতাসকলে জনোৱা সঁহাৰিৰ অন্তত নতুন বছৰৰ প্ৰথম দিনটোৰে পৰা পুনৰ বা-বাতৰি লৈ অসমবাসী ৰাইজৰ কাষ চাপিছে। 

এই মুহূৰ্তত ৰাইজৰ সহায়-সহযোগেই হৈছে News Next Oneৰ বাবে সকলো। ৰাইজৰ অংশগ্ৰহণ তথা ইচ্ছাই নিৰ্ণয় কৰিব News Next Oneৰ ভৱিষ্যত, নিৰ্ণয় কৰিব অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শক্তি! প্ৰতিটো মুহূৰ্ততে ৰাইজৰ পক্ষত থাকি বা-বাতৰি কৰি যোৱাটোৱেই হৈছে নতুন বছৰটোত News Next One পৰিয়ালৰ একমাত্ৰ পণ।  

আমাৰ এই যাত্ৰাত আপুনিও আগবঢ়াব পাৰিব সাধ্যানুযায়ী বৰঙণি। HDFC BANKৰ নুনমাটি শাখাত থকা আমাৰ একাউণ্ট নম্বৰ 50200046365374 নম্বৰত (IFSC: HDFC0000758) বৰঙণি আগবঢ়াব পাৰে। আপোনাৰ বৰঙণিয়ে আমাক বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত স্বতন্ত্ৰতা বৰ্তাই ৰখাত সহায় কৰিব। যদিহে এতিয়াও বৰঙণি আগবঢ়াবলৈ আগ্ৰহী তেন্তে ৬০০০৬৫৪৬৭৩ এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।