নগাঁওঃ পুনৰ এটা বছৰে আমাৰ মাজৰপৰা বিদায় মাগিব আৰু লগে লগে এটি নতুন বৰ্ষই ভূমুকি মাৰিব৷ পূৰ্বৰ সকলো হিংসা-সন্ত্ৰাস, ধৰ্ণা-প্ৰতিবাদ আদিৰ কোলাহল ফালি এই নতুন বছৰটোয়ে যেন কঢ়িয়াই আনিব অলেখ সুখ-শান্তিৰ বতৰা৷ সেয়েহে সমগ্ৰ বিশ্ববাসীৰ দৰে অসমৰ প্ৰতিজন জনতাই তেনে এটা দিনৰ বাবে বহু আশাৰে বাট চাই আছে৷
উল্লেখ্য যে, সম্প্ৰতি আমাৰ মাজৰপৰা বিদায় ল’বলৈ ওলাইছে ২০১৮ বৰ্ষই৷ ইফালে, গতানুগতিকতাৰে আৰু কিছু সময়ৰ পিছতেই পদাৰ্পণ কৰিব ২০১৯ বৰ্ষই৷ সেয়ে সকলোৱে নতুন বছৰক আদৰণি জনাবলৈ সাজু হোৱাৰ বিপৰীতে ‘থাৰ্টী ফাৰ্ষ্ট’ পালনৰ বাবে বিভিন্ন উপায়েৰে প্ৰস্তুতি চলাইছে৷