ডিজিটেল ডেস্কঃ সমাধিস্থ কৰিবলৈ নিয়াৰ বাটতে এটি মৃত নৱজাতক জীয়াই উঠাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নতুন দিল্লীত৷ প্ৰকৃততে চিকিৎসালয় কৰ্তৃপক্ষই ওপৰে ওপৰে চাই শিশুটিক মৃত বুলি ঘোষণা কৰিছিল যদিও জীৱিত আছিল শিশুটি।
চফদৰজংগৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত হয় এই ঘটনা৷ মহিলাগৰাকীয়ে প্ৰসৱ কৰিছিল এটি ২২ সপ্তাহৰ শিশু৷ বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম অনুসৰি ২২ সপ্তাহতকৈ কম সময়ত শিশু জন্ম হ’লে আৰু যদিহে শিশুটোৰ ওজন ৫০০ গ্ৰামতকৈ কম হ’য়, তেন্তে এনে নৱজাতক জীয়াই থকাৰ সম্ভাৱনা কম৷