internet
internet

newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কৰ্ণাটক কংগ্ৰেছৰ নৱ নিৰ্বাচিত বিধায়ক সিদ্ধু বি ন্যমাগৌড়াৰ সোমবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয়৷ জানিব পৰা মতে, ৬৭ বৰ্ষীয় বিধায়ক গৰাকীয়ে গোৱাৰ পৰা জমখাণ্ডীলৈ উভটাৰ পথত তুলসীবাৰীত দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যুমুখত পৰে৷

জানিব পৰা মতে, ন্যমগৌড়া গোৱা এয়াৰপৰ্টৰ পৰা পুৱা ৪.৩০ বজাত জমখাণ্ডীলৈ উভটিছিল৷ তেওঁ যাত্ৰা কৰি থকা ইন’ভা গাড়ী খনে সন্তোলন হেৰুৱাই পথৰ দাঁতিত থকা পকী বেৰত খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, কৰ্ণাটকত ১২ মে’ত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত জয়লাভ কৰা ৭৮ গৰাকী কংগ্ৰেছ বিধায়কৰ ভিতৰত ন্যমাগৌড়াও এজন আছিল৷ তেওঁ কুমাৰস্বামী মন্ত্ৰীসভাৰ মন্ত্ৰীত্বৰ বাবেও প্ৰৱল দাবীদাৰ আছিল বুলি জানিব পৰা গৈছে৷ 

পি বি নৰসিংহ ৰাওৰ মন্ত্ৰীসভাত ন্যমগৌড়া ১৯৯০-৯১ লৈ কেন্দ্ৰীয় মন্ত্ৰী আছিল৷ দুৰ্ঘটনাকালত যথেষ্ট আঘাত পোৱা কাৰণে কংগ্ৰেছৰ বিধায়কগৰাকী ঘটনাস্থলীতে নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷