লক্ষ্নৌঃ জনসংখ্যা হ্ৰাস কৰিবলৈ এইবাৰ অভিনৱ আঁচনি হাতত লৈছে যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে। এই নতুন আঁচনি অনুযায়ী প্ৰতিখন বিয়াতে চৰকাৰৰ তৰফৰ পৰা আশা কৰ্মীৰ জৰিয়তে বিশেষ উপহাৰ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই বিশেষ উপহাৰৰ টোপোলাত থাকিব কনড’ম। লগতে এখন শুভেচ্ছামূলক চিঠিও দিয়া হ’ব। জনসংখ্যা নিয়ন্ত্ৰণ কৰি ৰখাতো দেশৰ বাবে কিমান প্ৰয়োজনীয়া হৈ পৰিছে সেই কথা চিঠিখনত বৰ্ণনা কৰা থাকিব। দুটি সন্তানেই যে সুখী পৰিয়ালৰ আধাৰ সেয়াও স্পষ্টকৈ উল্লেখ থাকিব চৰকাৰী চিঠিখনত।