গুৱাহাটীঃ আজি অসম ভুমি সুৰক্ষা মহাসভাই দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে যোৱা ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অৱস্থিত চিলাৰায় ভৱনত অসম ভূমি সুৰক্ষা একশ্বন কমিটীৰ উদ্যোগত বিশেষ সভা এখন অনুষ্ঠিত কৰিছিল ।
একশ্বন কমিটীৰ অধ্যক্ষ বিমল চন্দ্ৰ শইকীয়াই বিশেষ সভাখনৰ ব্যাখ্যা কৰি কয় যে যোৱা ১২-১২-২০১৮ অসম ভুমি মহাসভাৰ ১৯ জনীয়া প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি অসম ভূমি ৰাজহ আইন ১৮৮৬ ৰ “দশম অধ্যায়ৰ সংশোধনী খচৰা প্ৰস্তাৱ ” সমন্বিতে পাঁচ দফীয়া দাবী চনদ আৰু স্মাৰক-পত্ৰ এখন চৰকাৰক দাখিল কৰিবলৈ প্ৰয়াস কৰিছিল ৷