► কৰ’না ভাইৰাছৰ সংক্ৰমণত এতিয়ালৈকে ২ লাখ লোকৰ মৃত্যু
সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিছে ২লাখৰ সীমা। জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা মতে শনিবাৰে নিশালৈকে বিশ্বত ক’ভিড-১৯ ত মৃত্যু হৈছে ২ লাখ ২ হাজাৰ ৩৬৮ গৰাকী লোকৰ। মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে বুলিও পৰিসংখ্যাবিদসকলে মন্তব্য কৰিছে। কিয়নো বিভিন্ন দেশত এতিয়াও মৃত্যু হোৱাসকলৰ কৰ’না টেষ্টৰ ফলাফল পাবলৈ বাকী আছে।
► ২৪ ঘণ্টাত ভাৰতত কৰ’নাত নতুনকৈ আক্ৰান্ত ১৯৯০ জন
ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত দেশখনত নতুনকৈ ৰোগবিধত আক্ৰান্ত হৈছে ১৯৯০ জন। ইয়াৰ লগে লগে ভাৰতত পুৱা ১০ বজালৈকে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ২৬,৪৯৬ জন। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৮২৪ জনলৈ। আৰোগ্য লাভ কৰিছে ৫,৮০৪ জনে।
► ভাৰতত অনিৰ্দিষ্ট কাললৈ ৰেপিড টেষ্ট বন্ধ
চীনৰ পৰা অহা ৰেপিড টেষ্ট কিটৰ ফলাফল ক্ৰুটিপূৰ্ণ হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে সমগ্ৰ দেশতে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ৰেপিড টেষ্ট। আইচিএমআৰৰ সূত্ৰই সদৰী কৰিছে এই কথা। ইফালে, ৰেপিড টেষ্ট কিট প্ৰেৰণ কৰা চীনা কোম্পানীকেইটাই কৈছে যে তেওঁলোকৰ কিটত কোনো ক্ৰুটি নাই, ভাৰতৰ স্বাস্থ্যকৰ্মীসকলে ব্যৱহাৰ কৰিব নজনা বাবেহে ফলাফলত বিসংগতিয়ে দেখা দিছে।
► অসমত গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞাক লৈ প্ৰতিক্ৰিয়া
ৰাজ্যখনৰ ৬খনকৈ জিলাত বিগত কিছুদিন প্ৰায় ১৯০০ৰো অধিক গাহৰিৰ অস্বাভাৱিক মৃত্যু হোৱাৰ পিছতে শনিবাৰৰ পৰা বন্ধ কৰা হৈছে গাহৰি মাংস বিক্ৰীৰ নিষেধাজ্ঞা। এই লৈ গাহৰি পালক তথা পশু পালনৰ সৈতে জড়িতসকলৰ মাজত দেখা গৈছে অসন্তুষ্টি। গাহৰিয়ে সাধাৰণতে আক্ৰান্ত হোৱা ছোৱাইন ফ্লু মানুহৰ দেহলৈ নিবিয়পে বুলি বিশেষজ্ঞসকলে কোৱাৰ পিছতো সমগ্ৰ ৰাজ্যতে এনেদৰে বিক্ৰী নিষেধাজ্ঞা কৰাতো উচিত হোৱা নাই বুলি দাবী কৰিছে পশুপালকসকলে। একেদৰে গাহৰিৰ দানা বিক্ৰী আৰু সৰবৰাহতো নিষেধাজ্ঞা জাৰি কৰাত সুস্থ গাহৰিৰো মৃত্যু হ’ব বুলিও মন্তব্য কৰিছে ভিন্নজনে।
► সোমবাৰৰ পৰা কাৰ্যালয়লৈ আহিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন
কৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে সোমবাৰৰ বাবে পুনৰ কাৰ্যালয়লৈ আহি কাম-কাজ আৰম্ভ কৰিব। দেশখনৰ চৰকাৰী সূত্ৰই সদৰী কৰিছে এই কথা। কৰ’নাত আক্ৰান্ত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক আইচিইউত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছিল। সোমবাৰে পুনৰ দায়িত্বভাৰ গ্ৰহণৰ পিছতে লকডাউন শিথিল কৰাক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে জনছন। বিজ্ঞানীসকলে চৰকাৰক সতৰ্ক কৰি দিছে যে দেশখনত অনাগত দিনত কৰ’নাত নতুনকৈ বহু লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।
► জাৰ্মানীত লকডাউনৰ বিৰোধিতা কৰাসকলক গ্ৰেপ্তাৰ
জাৰ্মানীৰ আৰক্ষীয়ে ৰাজধানী বাৰ্লিনত লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা সহস্ৰাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত বাতৰি মতে শনিবাৰে দেশখনত বাওপন্থী দলসমূহে এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। উক্ত প্ৰতিবাদত চৰকাৰৰ সমৰ্থক দক্ষিণপন্থীসকলৰো বহু লোকে অংশগ্ৰহণ কৰিছে বুলি বাতৰিত প্ৰকাশ পাইছে।
► পাৰাগুৱেত লকডাউন পৰ্যায়ক্ৰমে প্ৰত্যাহাৰৰ সিদ্ধান্ত
পাৰাগুৱে চৰকাৰে দেশখনৰ নাগৰিকসকলক লাহে লাহে লকডাউনৰ পৰা মুক্ত কৰি দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। দেশখনৰ স্বাস্থ্যমন্ত্ৰী জুলিঅ’ মেজ’লেনিয়ে এক সংবাদমেলযোগে ৪ মে’ৰ পৰা 'ইণ্টেলিজেণ্ট কোৱাৰেণ্টাইন’ আৰম্ভ কৰাৰ কথা সদৰী কৰি পুনৰ আৰ্থিক কাম-কাজ আৰম্ভ কৰা হ’ব বুলি জনাইছে।
► স্পেইনত লকডাউন শিথিল কৰাৰ প্ৰস্তুতি
ক্ৰমাৎ ভাললৈ আহিছে স্পেইনৰ পৰিৱেশ। সংক্ৰমণৰ সংখ্যা হ্ৰাস পাবলৈ ধৰালৈ চাই লকডাউনৰ সময়ত আৰোপ কৰা কঠোৰ নিষেধাজ্ঞাসমূহ পৰ্যায়ক্ৰমে আতৰোৱাৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে স্পেনিছ চৰকাৰে। ২ মে’ৰ পৰা বয়োজ্যেষ্ঠ লোকসকলক ব্যায়াম তথা বাহিৰলৈ অহা-যোৱা কৰাৰ অনুমতি দিব পাৰে বুলি জনাইছে দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছঞ্চেজে।
► কিম জং উনৰ মৃত্যুৰ বাতৰিক লৈ ৰহস্য অব্যাহত
কিম জং উনৰ মৃত্যু হৈছে বুলি একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে হংকং টিভিৰ উধৃতিৰে বাতৰি প্ৰকাশ কৰিছে যদিও এতিয়াও সেয়া নিশ্চিত হোৱা নাই। উত্তৰ কোৰিয়াই এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আনহাতে দেওবাৰে আমেৰিকাৰ ৱাশ্বিংটনস্থিন নৰ্থ কোৰিয়া মনিটৰিং প্ৰজেক্টৰ তৰফৰ পৰা ছেটেলাইট ছবিৰ ভিত্তিত কোৱা হয় যে উত্তৰ কোৰিয়াৰ ৰিজ’ৰ্ট টাউন বনছনৰ ষ্টেশ্যনত কিম জং উনৰ পৰিয়ালে ব্যৱহাৰ কৰা বিশেষ ৰেলখন ২১ এপ্ৰিলৰ পৰা ৰখাই থোৱা আছে আৰু দেশখনত বিশেষ একো গতিবিধি চলা নাই। আনকি কিম জঙৰ জন্মদিন আৰু দেশখনৰ সৈন্য দিৱসৰ অনুষ্ঠানসমূহো আগৰ দৰেকৈ হোৱাৰ ছবি পোৱা পোহৰলৈ অহা নাই।