শোণিতপুৰঃ দুটাকৈ বানৰ কবলত পৰি ৰাজ্যৰ হাজাৰ হাজাৰ লোক হাহাকাৰ কৰিব লগা হৈছিল। জুলাই-আগষ্ট মাহত চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগতে আমাৰ ৰাজ্য খনত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰি ইয়াৰ উপ-নৈ সমূহ ফেনে ফুটুকাৰে বাঢ়ি আহে। বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোক ঘৰ-দুৱাৰ উটুৱাই নি বিস্তৰ ক্ষতি সাধন কৰে।
ৰাজ্য খনৰ শ শ লোকৰ ঘৰ-দুৱাৰ, লৰা-ছোৱালীৰ কিতাপ পত্ৰ, পিন্ধা কাপোৰ আদি উটুৱাই নিয়ে। এসাজ ভাত, এটুপি পানীৰ বাবে বানাক্ৰান্তই ককবকাব লগা হয়। বানৰ কবলত পৰি হাহাকাৰ কৰিব লগা হোৱা লোকসকলক ৰাজ্য চৰকাৰে পৰ্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন হয়। একাংশ দল-সংগঠন ৰাজপথলৈ ওলাই আহি বান সাহায্য প্ৰদানৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়।