ডিমাকুছি/শুক্লাইঃ বিটিএডিত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান৷ বিটিএডিৰ ওদাৰগুৰি জিলাত শনিবাৰৰ পৰা চলোৱা কেইবাঘন্টিয়া অভিযানত জালত পৰিল দুধৰ্ষ উগ্ৰপন্থী৷ সেনাৰ কেইবা ঘন্টিয়া অভিযানৰ অন্তত সফলতা লাভ কৰে সেনাই৷
বিটিএডিত নতুনকৈ ভূমিষ্ঠ হোৱা বিদ্ৰোহী সংগঠনৰ নেতা এনএফবিবি (National freedom fighter of bodoland)ৰ মূখ্য সম্পাদক দিপক বসুমতাৰীক আটক কৰিবলৈ সক্ষম হয় সেনাই৷ বৰঙাজুলিৰ সেনাৰ কেম্পৰ ১৪নং ডোগ্ৰা ৰেজিমেন্ট ৰেডহৰ্ন ডিভিজনে খৈৰাবাৰী ৰাসমেলাৰ পৰা আটক কৰিবলৈ সক্ষম হ’য় দিপক বসুমতাৰীক৷