newsnextone.com | নগাঁওঃ মঙলবাৰে নগাওঁ জিলাৰ ৰহাৰ টোলগে’ট বন্ধ কৰাৰ দাবীত ২৯ সংগঠনে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল যদিও সংগঠনকেইটাই প্ৰতিবাদ স্থগিত ৰখা বুলি জানিব পৰা যায়। ৰহাৰ অবৈধ টোলগে’ট বন্ধৰ দাবীত পুনৰ প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ২৯টা জাতীয় সংগঠনে।
ৰাজ্যৰ ২৯ টাকৈ জাতীয় সংগঠন ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই আলোচনাত বহাৰ সম্ভৱনা থকাৰ বাবেই কাৰ্যসূচী স্থগিত ৰখা বুলি জানিব পৰা যায়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু নগাঁও জিলা প্ৰশাসনে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি পুনৰ মঙলবাৰে নগাঁও জিলাত প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিল সংগঠন কেইটাই।