newsnextone.com | নগাঁওঃ মঙলবাৰে নগাওঁ জিলাৰ ৰহাৰ টোলগে'ট বন্ধ কৰাৰ দাবীত ২৯ সংগঠনে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল যদিও সংগঠনকেইটাই প্ৰতিবাদ স্থগিত ৰখা বুলি জানিব পৰা যায়। ৰহাৰ অবৈধ টোলগে'ট বন্ধৰ দাবীত পুনৰ প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ২৯টা জাতীয় সংগঠনে।

 
ৰাজ্যৰ ২৯ টাকৈ জাতীয় সংগঠন ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই আলোচনাত বহাৰ সম্ভৱনা থকাৰ বাবেই কাৰ্যসূচী স্থগিত ৰখা বুলি জানিব পৰা যায়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু নগাঁও জিলা প্ৰশাসনে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি পুনৰ মঙলবাৰে নগাঁও জিলাত প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিল সংগঠন কেইটাই। 

আনহাতে, ২৯ টাকৈ জাতীয় সংগঠনে পৌৰ সভাৰ থকা চহৰৰ পৰা ৫ কিঃ মিটাৰৰ ভিতৰত টোলেগে'ট বহুৱাব নোৱাৰি বুলি দাবী কৰি ৰহাৰ টোলগে'ট অবৈধ বুলি দাবী কৰিছিল।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উত্তৰ পূব সংণ্ডলৰে এখন পত্ৰ যোগে সংগঠনকেইটাক উভতি ধৰি ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বুলি দাবী কৰে। ২০০৮ চনৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নীতি মতে কৰ সংগ্ৰহ কৰি থকা বুলি কয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিয়ম মতে, উপযুক্ত ঠাইতে টোলগে'ট বহুওৱা বুলি কৈ উত্তৰ পূব সংণ্ডলৰ পৰিচালক কল্যাই দত্তই ইতিমধ্যে ৰহাৰ টোলগে'ট ভ্ৰমণ কৰা বুলি কয়। ইয়াৰ লগে লগে কৰ সংগ্ৰহ কৰি যাবৰ বাবে অসমৰ প্ৰশাসনৰ পৰা সহায় বিচাৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।  

সংগঠন কেইটাই দেওবাৰে ৰহাৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পিছতে নগাঁও জিলা প্ৰশাসনে সংগঠনকেইটাক আলোচনাৰ বাবে ২৪ ঘণ্টা সময় দিছিল যদিও সেই সময়ৰ ভিতৰত আলোচনাত নবহাত ক্ষোভিত হৈ পুনৰ আন্দোলনা কৰাৰ কথা ঘোষণা কৰিছিল।

দেওঁবাৰে ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদৰ ফলত ২৪ ঘন্টাৰ বাবে টোলগেট বন্ধ ঘোষণা কৰি সংগঠনসমূহৰ লগত আলোচনাত বহাৰ কথা আছিল ৷ কিন্তু সংগঠনসমূহৰ সৈতে আলোচনাত বহাৰ আশ্বাস দি ২৪ ঘন্টা উকলাৰ পিছতোঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনে আলোচনাৰ বাবে আমন্ত্ৰণ নকৰিলে সংগঠনকেইটাক ৷ সেয়ে সংগঠনকেইটাই প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিল ৷ জানিব পৰা মতে, মঙলবাৰে ষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোলগেট সন্দৰ্ভত আলোচনাত বহিব পাৰে।