লখিমপুৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণেৰে কৰ্তৃপক্ষৰ জনবিৰোধী নীতি আৰু প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰ নগৰৰ 'খেলমাটিত’ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰু NHPC কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।