61
কোকিলাঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পাতিলাদহাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী নৈশ বাছ। যান্ত্ৰিক বিজুতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়াই পথত বাগৰি পৰে বাছখন।
ফলত পুৰুষ-মহিলা আৰু শিশুসহ আহত হয় ২৫ জনৰো অধিক যাত্ৰী। ইয়াৰে ১১ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজ, আক্ৰাছুৰ সদস্য আৰু মাণিকপুৰ আৰক্ষীৰ তৎপৰতাত আহতসকলক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়।