Home ৰাজ্যনীল-অভিৰ সোঁৱৰণত কাংঠিলাংচ’ জলপ্ৰপাতৰ আৰ্হিত পূজামণ্ডপ নিৰ্মান নকৰিবলৈ আহ্বান

নীল-অভিৰ সোঁৱৰণত কাংঠিলাংচ’ জলপ্ৰপাতৰ আৰ্হিত পূজামণ্ডপ নিৰ্মান নকৰিবলৈ আহ্বান

by News Desk
A+A-
Reset
nilabhi

newsnextoneডিফু,৮ অক্টোবৰঃ অভিজিৎ আৰু নিলোৎপল নামৰ নিৰীহ চফল ডেকা দুজনৰ অতি নিৰ্মম হত্যাকাণ্ডৰ  চাৰিমাহ কাল উকলি যোৱাৰ পিছত আকৌ সম্প্ৰতি ইয়াকলৈ কাৰবি পাহাৰত সৃষ্ঠি হৈছে আন এক বিতৰ্কৰ ৷ সোপাধৰাৰ সন্দেহত কাৰবি আংলঙৰ ডকমকা থানা এলেকাৰ পানজুৰি কছাৰী গাঁৱত যোৱা ৮ জুনত গুৱাহাটীৰ দুই শিল্পী ক্ৰমে নীলোৎপল দাস আৰু  অভিজিত নাথ গণ উন্মাদনাৰ বলি হৈ কৰুণ মৃত্যু হোৱাৰ পিছত ঘটনাত জড়িত আটাইকেইজন অপৰাধীৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও ন্যায়িক আদালতত চলি থকা সময়তো একাংশ লোকে চ’ছিয়েল মেডিয়াৰ যোগেদি উক্ত ঘটনাক এতিয়াও সজীৱ কৰি ৰাখিবলৈ পৱিত্ৰ কাংঠিলাংচ’ জলপ্ৰপাতৰ নাম সলনি কৰিবলৈ মতামত দিয়াক লৈ কাৰবি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ৷

অভিজিৎ- নীলোৎপলৰ হৃদয়বিদাৰক হত্যাকাণ্ড গৰিহনাৰ যোগ্য আৰু দোষীয়ে শাস্তি পোৱাটো অসমৰ ৰাইজৰ লগতে কাৰবি ছাত্ৰ সন্থায়ো কামনা কৰে ৷ কিন্তু একাংশ লোকে বিভিন্ন প্ৰচাৰ মাধ্যমযোগে কাৰবি পাহাৰৰ ঐতিহাসিক আৰু পৱিত্ৰ জলপ্ৰপাতটোক নাম কাংঠিলাংচ’ জলপ্ৰপাতৰ সলনি নীল-অভি জলপ্ৰপাত কৰিবলৈ চৰকাৰৰ ওপৰত হেঁচা দি থকা কাৰ্য কেএছএৰ দৃষ্টিগোচৰ হৈছে ৷ কেএছএই কোনো কাৰণতে কাংঠিলাংচ’ জলপ্ৰপাতৰ নাম সলনি হোৱা নিবিচাৰে, আনহাতে সমাগত শাৰদীয় দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীৰ বেলতলা স্থিত  লক্ষীমন্দিৰত পূজা সমিতিয়ে নীল-অভিৰ সোঁৱৰণত পূজামণ্ডপক কাংঠিলাংচ’ জলপ্ৰপাতৰ আৰ্হিত নিৰ্মান কৰিবলৈ লৈছে বুলি কেএছএই জানিব পাৰিছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0