newsnextone.com | ডিজিটেল ডেস্কঃ কেৰেলাত এতিয়াও শাম কটা নাই নিপাহ ভাইৰাছৰ আতংক৷ ৰাজ্যখনত নিপাহ ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত কেৰেলাৰ কোজিকোডা জিলাৰ স্কুল-কলেজ সমূহ বন্ধ ৰখা হৈছে৷ শনিবাৰে কেৰেলা চৰকাৰে এক বিবৃতি যোগে কলেজ-বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে৷ আগন্তক ১২ জানুৱাৰি পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ থাকিব৷
ইয়াৰ পিছতে দ্বিতীয়বাৰৰ বাবে বিদ্যালয় ছুটিৰ ম্যাদ বৃদ্ধি কৰা হয়৷ ইয়াৰ পূৰ্বে নিপাহ ভাইৰাছৰ সংক্ৰমণৰ ভয়ত ৫ জুন পৰ্যন্ত গ্ৰীস্ম বন্ধৰ ছুটি বৃদ্ধি কৰা হৈছিল৷ বৰ্তমানেও বাদুলিৰ দ্বাৰা সংক্ৰামিত হোৱা এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হৈ আছে৷