newsnextone.com | আমগুৰিঃ দেশত এতিয়া নিপাহ ভাইৰাছক আতংক৷ ফলৰ পৰা নিপাহ ভাইৰাচৰ বীজাণু সংক্ৰামণ হৈ দেশত বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে৷ অসমৰো এগৰাকী যুৱক কৰ্ম সুত্ৰে ৰাজ্যৰ বাহিৰত থকাৰ সময়তে মৃত্যুক আকোৱালি লয়৷ নিপাহ ভাইৰাচত আক্ৰান্ত হৈ কেৰেলাত মৃত্যুক আকোৱালি লয় শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ পেকমনীয়া গাঁৱৰ মনোজ শইকীয়া নামৰ যুৱকজন৷
সাধাৰণ পৰিয়ালৰ যুৱকজনে পেটৰ তাড়নাত ঘৰৰ পৰা ওলাই হৈ কেৰালাত কাম কৰিছিল৷ ঘৰৰ পৰা ওলাই গৈছিল ১৭ দিন পূৰ্বে৷ লখিমপুৰৰ পৰা গৈ থকা অৱস্থাত ৰেলত জ্বৰত আক্ৰান্ত হৈছিল৷ তাৰ পিছত চিকিৎসা কৰাৰ অন্তত জ্বৰৰ পৰা আৰোগ্য হয় যদিও পুনৰ জ্বৰত আক্ৰান্ত হয়৷ পুনৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত্যুক আকোৱালি লয়৷ মাজতে ৰোগৰ পৰা আৰোগ্য হৈ কেৰেলাৰ ষ্টাৰ বৰ্ড নামৰ কোম্পানীত কামো কৰে দুদিন।