ডিজিটেল ডেস্কঃ পঞ্জাৱ নেচ’নেল বেংকৰ কেলংকাৰীৰ অভিযুক্ত নীৰৱ মোডীয়ে চিবিআইক সহযোগ নকৰাৰ কথা স্পষ্ট কৰে৷ চিবিআইয়ে পঞ্জাৱ নেচ’নেল বেংকৰ মুম্বাই শাখাত তলা ওলোমাই দিয়াৰ পিছত মুল অভিযুক্ত নীৰৱ মোডীয়ে চিবিআইক সহযোগ নকৰাৰ কথা স্পষ্ট কৰি দিয়াত পুনৰ সৰৱ হৈ পৰিছে বিৰোধী৷
চিবিআইয়ে ১২,০০০ কোটি টকাৰ কেলেংকাৰীৰ বাবে নীৰৱ মোডীক চিবিআইৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে যদিও নিজৰ ব্যস্ততাৰ বাবে চিবিআইৰ ওচৰত হাজিৰ হ’ব নোৱাৰাৰ কথা উল্লেখ কৰে৷ চিবিআইৰ শীৰ্ষ বিষয়াৰ মতে, চিবিআইয়ে নীৰৱ মোডীক ই-মেইল কৰি হাজিৰ হবলৈ কয় যদিও মোডীয়ে কামত ব্যস্ত থকা বুলি উত্তৰ দিয়ে।