newsnextone.com | ডিজিটেল ডেস্কঃ দেশ কঁপোৱা দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচীৰ ৰায় বাহাল থাকিব৷ সোমবাৰে এই ৰায় প্ৰদান কৰে দেশৰ শীৰ্ষ আদালতে৷ ফাঁচীৰ ৰায় বাহাল থাকিব নে যাবজ্জীৱন কাৰাদণ্ড দিয়া হ’ব এই সন্দৰ্ভত আদালতে সোমবাৰে শুনানিৰ অন্তত পূৰ্বৰ ৰায়কে বাহাল ৰাখে৷ দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়কে বাহাৰ ৰাখে উচ্চতন ন্যায়ালয়ে৷ সোমবাৰে দুই বজাৰ পৰা নিৰ্ভয়া কাণ্ডৰ দোষীৰ পক্ষৰ আবেদনৰ শুনানি অনুষ্ঠিত হৈছিল উচ্চতম ন্যায়ালয়ত৷ জানিব পৰা মতে, বিগত বছৰৰ নৱেম্বৰত এই আবেদনৰ শুনানি অনুষ্ঠিত হয়৷ সোমবাৰে উচ্চ ন্যায়ালয়ত অন্তিম শুনানিৰ অন্তত ৰায় প্ৰদান কৰে৷
এই ৰায়ৰ ঘোষণা কৰাৰ পূৰ্বে নিৰ্ভয়াৰ পিতৃ বদ্ৰীনাথ সিঙে মহিলা আৰু যুৱতীৰ জীৱন আৰু সন্মান সুৰক্ষিত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়৷ মাতৃ আশা দেৱীয়ে কয় যে এই ঘটনাৰ ৬ বছৰ পাৰ হৈ গ’ল৷ কিন্তু দেশত আজিও ধৰ্ষণৰ ঘটনা প্ৰতিদিনে সংঘটিক হৈ আগিছে৷ আমাৰ ব্যৱস্থা সম্পূৰ্ণ বিফল হৈছে৷ মই আশা কৰিছোঁ এই ৰায় আমাৰ পক্ষত আহিব৷ নিৰ্ভয়াই ন্যায় লাভ কৰিব৷