58
বাহাকাবাৰীঃ নিশাৰী নৈৰ বাঢ়নী পানীৰ কবলত পৰিছে নগাঁও জিলাৰ কামপুৰৰ ন ন অঞ্চল। বাঢ়নি পানীয়ে বুৰাই পেলাইছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি। গৃহহীন হৈ পৰিছে শতাধিক লোক। খাদ্য আৰু চিকিৎসাৰ অভাৱত অসহায় হৈ পৰিছে পশুধন।
কামপুৰ নামবৰ, তেতিলীসৰা, নিজ কামপুৰ, ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ বগলাজান, বাহাকাবাৰী আৰু চাংচকী পঞ্চায়তৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি পানীৰ তলত বুৰ যোৱাৰ ফলত মূৰে-কপালে হাত দিছে কৃষকে।