ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন চমু চাপি আহিলেই প্ৰচাৰৰ সময়ত বিভিন্ন ৰাজনৈতিক দলসমূহে নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া দেখা যায়৷ কেৱল ইমানেই নহয়, শাসনলৈ আহিলে সকলো খালি পদ পূৰণৰ কৰিম বুলিও কয় ভোটভিক্ষা কৰা ৰাজনৈতিক দলবোৰে৷ কিন্তু শাসনৰ বাঘজৰী হাতলৈ অহাৰ পিছত প্ৰতিশ্ৰুতিবোৰৰ সৰহভাগেই হৈ পৰে ফুটুকাৰ ফেন।
দেশত আলু-পকোৰাৰ ৰাজনৈতিক কটাক্ষৰ খেল চলি থকাৰ সময়তে নীতি আয়োগৰ অধ্যক্ষ ৰাজীব কুমাৰে নিবনুৱাৰ অনুপাতে দেশত কৰ্মসংস্থান নোহোৱাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। ইনষ্টিটিউটৰ অব ইকনমিক গ্ৰ’থৰ দ্বাৰা আয়োজিত এক সন্মিলনত তেওঁ বিদেশৰ পৰা ‘কাট-পেষ্ট-মডেল’-ৰ পোষকতা কৰে। কুমাৰে লগতে কয় যে গুৰুতৰ সমস্যাসমূহ সকলোৱে মিলি সমাধান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।